নিউজ ডেস্ক : শ্ৰীমন্ত শংকৰদেৱৰ পৰম শিষ্য শ্ৰী শ্ৰী মাধৱদেৱক সুৱৰি নাৰায়ণপুৰত নিৰ্মাণ কৰা মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে। কাইলৈ অৰ্থাৎ ১০ মে’ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপুতি পুৰ্ণ হ’ব। এইদিনটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ বাবে মুকলি কৰিব নৱনিৰ্মিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ।
বদলা পদ্মআতাই প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী বদলা পদ্মআতা সত্ৰক সাংস্কৃতিক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰি আৰম্ভ কৰা হৈছিল শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য ৷ সত্ৰখনৰ স্বৰূপ অক্ষুণ্ণ ৰাখি ৪৪ বিঘা মাটিত কলাক্ষেত্ৰখনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল । বদলা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে দানসূত্রে আগবঢ়োৱা ৪৪ বিঘা মাটিত ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা হৈছে শিশু উদ্যান, সংগ্রহালয়, ৫০০ আসনযুক্ত প্রেক্ষাগৃহ, কলাকৃষ্টি ভৱন,১০০০ আসনযুক্ত মুকলি প্রেক্ষাগৃহ, পাণ্ডুলিপি ভৱন, অতিথিশালা, ভোজনগৃহ, ৰাজহুৱা শৌচালয়, ১৭৫ খন গাড়ী ৰাখিবপৰাকৈ পার্কিং ক্ষেত্ৰ ।
উল্লেখ্য যে, ২০০৭ চনৰ ২৩ মাৰ্চত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মাধবদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল । তৰুণ গগৈ চৰকাৰে প্ৰথম পৰ্যায়ত আৱণ্টন দিয়া ৫ কোটি টকাৰে প্ৰায় ২০% শতাংশ নির্মাণকার্য আগবঢ়াইছিল । ইয়াৰ পাচতে ক্ষমতালৈ আহিছিল বিজেপি চৰকাৰ ৷ ২০১৯ চনৰ ১৬ আগষ্টত তেতিয়াৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা বদলা সত্ৰৰ প্ৰাংগণত উপস্থিত হৈ কলাক্ষেত্ৰখনৰ কাম ক্ষীপ্রগতিত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি ৩৪ কোটি টকা আৱন্টন দিছিল ।
ইয়াৰোপৰি কলাক্ষেত্ৰখনৰ সম্পূৰ্ণ আৰ্হি প্ৰস্তুত কৰি উপস্থিত ৰাইজৰ সম্মুখত প্ৰদৰ্শন কৰিছিল। ২০২০ চনৰ ৪ জুনত পুনৰ ড০ হিমন্ত বিশ্ব শৰ্মা মাধৱদেৱ কলাক্ষেত্ৰত উপস্থিত তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিছিল ৷
সত্ৰখনক কেন্দ্ৰস্থল হিচাপে লৈ আধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰা মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে ।