কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন।
ব্যক্তিগত হাতী চাফাৰী কৰি থাকোতে হাতীৰ পৰা সৰি পৰিল পৰ্যটক। বাগৰি বনাঞ্চলত চামেলী নামৰ হাতীজনীৰে চাফাৰী কৰিব গৈছিল বহি:ৰাজ্যৰ পৰ্যটকৰ এটা দল৷
হঠাৎ আন এটা ব্যক্তিগত হাতীৰ সৈতে যুঁজ লগাত হাতীটোত থকা তিনিগৰাকী পৰ্যটক হাতীৰ পৰা সৰি পৰি গুৰুতৰভাৱে আহত হয়৷
আহত পৰ্যটক কেইগৰাকী শ্ৰীলেখা সিনহা, শিখা সিনহা, প্ৰতিমা দত্ত বুলি জানিব পৰা গৈছে৷ আহত তিনি পৰ্যটকক প্ৰথমে কঁহৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত যোৰহাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।