কামপুৰ : কামপুৰৰ আহোমগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহিত হয় এজন যুৱক। নিহত যুৱকজন নৱম শ্ৰেণীৰ ছাত্ৰ আছিল। অঞ্চলজুৰি শোকৰ ছাঁ।

কামপুৰৰ আহোমগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা এজন যুৱক থিতাতে নিহত হয়। বাইকেৰে তীব্ৰ বেগত আহি থকা যুৱক এজনে পথৰ কাষত থকা গছত খুন্দা মাৰে। ফলত যুৱকজন থিতাতে নিহত হয়।

লগতে পঢ়ক – বৃহৎ পশুখাদ্য কেলেংকাৰীৰ অন্তিমটো গোচৰত জামিন লাভ লালু প্ৰসাদ যাদৱৰ

নিহত যুৱকজন কামপুৰৰ ফৰেষ্ট কলনীৰ কংকন শইকীয়া বুলি জানিব পৰা গৈছে। কামপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ নৱম শ্ৰেনীৰ ছাত্ৰ আছিল কংকন শইকীয়া। এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply