আমিনগাঁও : কামৰূপ জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ সুব্যৱস্থাপনা তথা সুৰক্ষা ব্যৱস্থাৰে কামৰূপ জিলাত আজি চতুর্থ বর্গৰ পদৰ বাবে অনুষ্ঠিত হােৱা লিখিত পৰীক্ষা সুকলমে তথা শৃংখলাৱদ্ধভাৱে অনুষ্ঠিত হয়। উল্লেখ্য যে কামৰূপ জিলাত আজি এই লিখিত পৰীক্ষা মুঠ ৯১ টা কেন্দ্ৰত অনুষ্ঠিত হয়। ইয়াৰে প্রথম চীফট ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দ্বিতীয় চীফট আবেলি ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হয়। প্রথম চীফটত ৩৩,৫৭৫ গৰাকী প্রার্থীৰ ভিতৰত ২৮,২৭৮ গৰাকী পৰীক্ষার্থী লিখিত পৰীক্ষাত অৱতীৰ্ণ হয়।
দ্বিতীয় চীফটত ৯,৭৫১ আবেদনকাৰীৰ বিপৰীতে ৮,২২৬ গৰাকী প্রার্থী পৰীক্ষাত অৱতীৰ্ণ হয়। জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনে তৃণমূল পর্যায়লৈকে কৰা সুপৰিকল্পনাৰ ফলশ্রুতিত কোনাে ধৰণৰ বিশৃংখল পৰিৱেশৰ সৃষ্টি নােহােৱাকৈ এই পৰীক্ষা আজি জিলাখনত সুচাৰুৰূপে অনুষ্ঠিত হয়। প্রতিটো পৰীক্ষা কেন্দ্রতে এই পৰীক্ষাৰ বাবে পর্যাপ্ত নিৰাপত্তা আৰু নিৰীক্ষণ ব্যৱস্থা গঢ়ি তােলা হৈছিল। তদুপৰি জিলা দণ্ডাধীশ কীর্তি জল্লীয়ে যােৱা কালি এক জাননীৰ জৰিয়তে ভাৰতীয় কার্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্র সমূহৰ ১০০ মিটাৰ ব্যসার্ধলৈকে কেতবােৰ নিষেধাজ্ঞা আৰােপ কৰিছিল যাতে এই পৰীক্ষা জিলাখনত স্বচ্ছ আৰু শৃংখলাৱদ্ধভাৱে অনুষ্ঠিত হয়।
এই পৰীক্ষা নিৰীক্ষণৰ বাবে কামৰূপ মহানগৰ জিলাৰ ৫১ আৰু নলবাৰী জিলাৰ ৪২ গৰাকী নিৰীক্ষক ক নিয়ােজিত কৰা হৈছিল। আনহাতে আজি পৰীক্ষা চলি থকা সময়ছােৱাত অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্তই আমিনগাঁৱৰ সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয় আৰু ৰঙিয়াৰ ফাতেমা কনভেন্ট বিদ্যালয়ত উপস্থিত হৈ লিখিত পৰীক্ষা ব্যৱস্থাপনাৰ নিৰীক্ষণ কৰাৰ উপৰি মাধ্যমিক শিক্ষা বিভাগৰ সচিব ভাৰত ভূষণ চৌধুৰী, প্রাথমিক শিক্ষা বিভাগৰ সচিব ড° বিজয়া চৌধুৰী, মাধ্যমিক শিক্ষা সঞ্চালক মমতা হােজাই কামৰূপ জিলাৰ উপায়ুক্ত কীর্তি জল্লীকে ধৰি শীর্ষ প্রশাসনিক আৰু আৰক্ষী বিষয়া সকলে বিভিন্ন পৰীক্ষাকেন্দ্র পৰিদৰ্শন কৰি পৰীক্ষা ব্যৱস্থাপনাৰ নিৰীক্ষণ কৰে।