ৰঙিয়া : কালৰূপী বানে ৰঙিয়াৰ উদিয়ানাত সংহাৰী ৰূপ ধাৰণ কৰিছে। বানত ডুব গৈছে অঞ্চলটোৰ বহু লোকৰ ঘৰ-দুৱাৰ, পানীৰ তলত সকলো পথ। উদিয়ানাৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে বাঢ়নী পানীয়ে।
ঘৰৰ ভিতৰত এক আঠুলৈ পানী হোৱাত বিচনাৰ ওপৰত বিচনা জোৰা দি আশ্ৰয় লৈছে বহু লোকে। আনহাতে নিৰাপদ স্থানৰ সন্ধানত ওখ স্থানলৈ ঢাপলি মেলিছে বহুতে। বৰলীয়া নৈৰ প্ৰলয়ংকাৰী বানত কেইবা শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ বিনষ্ট হৈছে।
বানত ককবকাই থকা দৰিদ্ৰ পৰিয়াল এতিয়া গৃহহাৰা হৈ পৰিছে। বিনষ্ট হৈছে কৃষিভূমি। মীন পালক সকলৰো বৃহৎ ক্ষতি সাধন হৈছে। যাৰ বাবে এতিয়া নানান সমস্যাত পৰিছে বানাক্ৰান্ত ৰাইজ। কি খাব, কত থাকিব তাক লৈ চিম্তিত হৈ পৰিছে বন্যাৰ্তসকল।
লগতে পঢ়ক – তেজপুৰত বানপানীয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ
যাতায়ত কৰা পথত একাঠু অথবা একোকাল বান। বিপদ সংকুল যাতায়ত কৰিছে বানাক্ৰান্ত ৰাইজে। যোৱা তিনিদিনে বানত ককবকাই থাকে এই অঞ্চলটোত এৰিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।