আলফাৰ বোমা বিস্ফোৰণৰ গোচৰত বিচাৰৰ সন্মুখীন হোৱা ছাত্ৰৰ স্নাতকোত্তৰ পৰীক্ষাত শীৰ্ষস্থান দখল, সোণৰ পদক লাভ। ২০১৯ চনৰ গুৱাহাটীৰ জু ৰোড বিস্ফোৰণত জড়িত সকলৰ ভিতৰত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সঞ্জীৱ তালুকদাৰ। তেওঁ কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত স্নাতকোত্তৰত নাম ভৰ্তি কৰিছিল। তেওঁ সমাজবিজ্ঞানত তেওঁৰ শ্ৰেণীত শীৰ্ষস্থান দখল কৰিছিল।

গুৱাহাটীত আলফাৰ দ্বাৰা সংঘটিত বোমা বিস্ফোৰণত তেওঁৰ ভূমিকাৰ বাবে বিচাৰৰ সন্মুখীন হোৱা এজন প্ৰাক্তন ছাত্ৰ নেতাক অসমৰ ৰাজ্যপালে স্নাতকোত্তৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰাৰ বাবে সোণৰ পদক প্ৰদান কৰিছে, যিটো তেওঁ কাৰাগাৰত বন্দী হৈ থকা অৱষ্ঠাত গ্ৰহন কৰিছিল।

বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে সঞ্জীব তালুকদাৰে ৭১ শতাংশ নম্বৰ অৰ্জন কৰাৰ বাবে সোণৰ পদক প্ৰদান কৰে।

জানিব পৰা মতে,  সঞ্জীব তালুকদাৰৰ ভগ্নী ডলীয়ে পিটিআইৰ সৈতে বাৰ্তালাপ কৰি কয়,  “এয়া আমাৰ বাবে এক মিশ্ৰিত অনুভৱ। যদিও আমি সুখী যে তেওঁ সোণৰ পদক লাভ কৰিছে, কিন্তু আমি দুখিত এই কথা লৈ যে তেওঁ এতিয়াও কাৰাগাৰত বন্দী হৈ আছে। আমি জানো যে তেওঁ নিৰ্দোষী আৰু অতি সোনকালে ন্যায় লাভ কৰিব।”

২০১৯ চনৰ ১৫ মে’ত গুৱাহাটীৰ RG BORUAH  ROAD ত হোৱা বোমা বিস্ফোৰণৰ অভিযুক্তসকলৰ ভিতৰত ২৯ বছৰীয়া যুৱকজন কাৰাবন্দী হৈ আছে। NIA ই বিষয়টোৰ তদন্ত কৰি আদালতৰ সন্মুখত অভিযোগপত্ৰত তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ, বেআইনী কাৰ্যকলাপ আৰু গোচৰটোৰ মূল অভিযুক্তক সহায় আৰু সমৰ্থন আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছিল।

আনহাতে ডলীয়ে এই কথাও কৈছিল যে, সঞ্জীবে কাৰাগাৰত বন্দী হোৱাৰ পিছতহে সমাজতত্ব বিভাগ বাছনি কৰিছিল কিয়নো এইটো এটা বিষয় আছিল যিটো তেওঁ কাৰাগাৰত সীমিত সম্পদৰ সৈতেও অনুসৰণ কৰিব পাৰিব বুলি তেঁও আত্মবিশ্বাসী আছিল।

ইফালে তেওঁৰ জামিনৰ আৱেদন গৌহাটি উচ্চ ন্যায়ালয়ে আৰু চাৰি মাহৰ ভিতৰত শুনানিৰ বাবে গ্ৰহণ কৰিব। পৰিয়ালটোৱে তেওঁলোকৰ পক্ষত ৰায় দিব বুলি আশা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply