নিউজ ডেস্ক: বৃহস্পতিবাৰে নিশা ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত চলোৱা আক্ৰমণত মৃত্যু হয় প্ৰায় ১৪ জন লোকৰ।

কিয়েভৰ সামৰিক প্ৰশাসনৰ মুৰব্বীয়ে কয় যে ৫১ দিনৰ ভিতৰত কিয়েভত এইটো আছিল ৰাছিয়াৰ প্ৰথমটো ক্ষেপণাস্ত্ৰ আক্ৰমণ।

ইউক্ৰেইনৰ বিষয়াসকলে সদৰী কৰা মতে,  মধ্য চহৰ উমানৰ কেইবাটাও আৱাসিক অট্টালিকাত ক্ষেপণাস্ত্ৰৰে আঘাত কৰা হৈছে। তাত ৬ জন লোকৰ মৃত্যু হয়। আহত ৯ জন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে ইউক্ৰেইনৰ চহৰসমূহত ৰাছিয়াই কৰা আক্ৰমণ শান্তিৰ সকলো পদক্ষেপৰ প্ৰতি মস্কোৰ প্ৰত্যুত্তৰ।

টেলিগ্ৰামৰ এটা পোষ্টত ইউক্ৰেইনৰ বিষয়াসকলে কয় যে নিক্ষেপ কৰা ২৩টা ক্ষেপণাস্ত্ৰৰ ভিতৰত ২১টা ক্ষেপণাস্ত্ৰ ভূপতিত কৰা হৈছে। ইয়াৰ উপৰিও ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই দুখন ড্ৰ’ন ভূপতিত কৰিবলৈ সক্ষম হয়।

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ৰাছিয়াৰ এই ক্ষেপণাস্ত্ৰ আক্ৰমণত দুবছৰীয়া শিশুকে ধৰি শুই থকা নিৰীহ লোকৰ মৃত্যু হৈছে। শান্তিৰ সকলো পদক্ষেপৰ প্ৰতি এয়া আছিল ৰাছিয়াৰ প্ৰতিক্ৰিয়া।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply