নিউজ ডেস্ক: বৃহস্পতিবাৰে কোকৰাঝাৰ পাটগাওঁৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুস্থিত হোৱা ৰাজহুৱা সভাত বন অধিকাৰ আইন, ২০০৬ৰ অধীনত ৭১৪৪ জন হিতাধিকাৰীক ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো লগতে ই এম ৰঞ্জিত বসুমতাৰী, ৰেও ৰেওয়া নাৰ্জিহাৰী, ৰাকেশ ব্ৰহ্ম, বিধায়ক লৰেন্স ইছলাৰী, জিৰন বসুমতাৰী আৰু কোকৰাঝাৰ জিলাৰ উপায়ুক্ত উপস্থিত থাকে।
এই বিতৰণ কাৰ্য শুভাৰম্ভ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই । হাল্টুগাঁও আৰু কচুগাঁও বন সংমণ্ডলৰ হিতাধিকাৰীসকলক ২৫৫০০ বিঘা মাটিৰ বাবে ৭১৪৪ জন হিতাধিকাৰীক ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। জানিব পৰামতে সৰ্বমুঠ ৮৯ খন গাঁৱৰ ২৯ জন গ্ৰাম সেৱকক সামৰি হিতাধিকাৰীসকলক বাছনি কৰা হৈছে।

কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কয় যে এই কামখিনি সুচাৰুপে আৰু সোনকালে কৰি দিয়াৰ বাবে বিটিচিৰ ৰাজহ বিভাগ আৰু জিলা উপায়ুক্ত লগতে ডিআৰডিএৰ আঁচনি সঞ্চালকক ধন্যবাদ জ্ঞাপন কৰে। লগতে কয় যে এই গাওঁসমুহ ৰাজহ গাঁৱৰ তালিকাত অতি শীঘ্ৰে অন্তৰ্ভুক্ত কৰা হ’ব। তেওঁ ভুমি লাভ কৰা লোকসকলক মাটিসমুহ বিক্ৰী নকৰিবলৈ আৰু বনাঞ্চল সমুহ ধ্বংস নকৰিবলৈ আহবান জনায়। তেওঁ অহা দুমাহৰ ভিতৰত পুনৰ কোকৰাঝাৰত কেইবাহাজাৰ পৰিয়ালক ভুমিপট্টা প্ৰদান কৰা লগতে বাক্সা, চিৰাং,ওদালগুৰিতো ভুমিপট্টা প্ৰদান কৰা হ’ব বুলি সদৰী কৰে।
