গুৱাহাটী : মহানগৰী গুৱাহাটীত আম আদমি পাৰ্টীৰ উত্তাল প্ৰতিবাদ। গণেশগুৰিৰ ৰাজপথ উত্তাল কৰিলে আম আদমি পাৰ্টীয়ে। কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ তীব্ৰ সমালোচনা আম আদমি পাৰ্টীৰ প্ৰতিবাদকাৰী সকলৰ।

বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ ভ্ৰমণৰ দিনাই গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে আম আদমি পাৰ্টীয়ে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালৰ নেতৃত্বতধীন ৰাজনৈতিক দলটোৰ অসম শাখাই গণেশগুৰিৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আম আদমি পাৰ্টীৰ অসম শাখাই প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, ৰন্ধন গেছৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, বিজেপি চৰকাৰ হায় হায়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম নাই আদি শ্ল’গানেৰে পৰিৱেশ অধিক উত্তাল কৰি তোলে।

লগতে পঢ়ক – ডিফুত বাৰেৰহণীয়া নৃত্য-গীতেৰে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি

হাতে হাতে বেনাৰ-পোষ্টাৰ, আলু, পিয়াঁজ, গেছৰ চিলিণ্ডাৰ লৈ আম আদমি পাৰ্টীৰ অৰ্ধ শতাধিক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে বাধা প্ৰদান কৰাত প্ৰতিবাদকাৰী সকল ৰাজপথৰ ওপৰত বহি প্ৰতিবাদ সাব্যস্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply