বৃটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকক জৰিমনা। প্ৰধানমন্ত্ৰী ঋষি সুনাকে বৃহস্পতিবাৰে গাড়ীৰে উত্তৰ-পশ্চিম ইংলেণ্ডৰ গন্তব্যস্থানলৈ গৈ আছিল। চলন্ত গাড়ীখনত তেওঁ অলপ সময়ৰ বাবে ছিটবেল্ট আঁতৰাই দিছিল। তেওঁ সামাজিক মাধ্যমৰ বাবে এটা ভিডিঅ’ ল’বলৈ ছিটবেল্ট আঁতৰাই দিছিল। কিন্তু এই নিয়ম ভংগৰ বাবে আৰক্ষীৰ জৰিমনাৰ সন্মুখীন হয় প্ৰধানমন্ত্ৰী সুনাক।
বিৰোধীৰ সমালোচনাৰ পৰিপ্ৰেক্ষিতত বৃটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘটনাটোৰ বাবে ইতিমধ্যে ক্ষমা বিচাৰিছে।
বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন ১০ ডাউনিং ষ্ট্ৰীটৰ এজন মুখপাত্ৰই কয় যে সুনাকে অলপ সময়ৰ বাবে তেওঁৰ ছিটবেল্ট আঁতৰাইছিল। প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰে যে তেওঁ ভুল কৰিছে। বৃটেইনত গাড়ীত থাকোঁতে ছিটবেল্ট মাৰিবলৈ ব্যৰ্থ হোৱা যাত্ৰীসকলৰ তাৎক্ষণিকভাৱে ১০০ পাউণ্ড জৰিমনা হ’ব পাৰে। যদি গোচৰটো আদালতলৈ যায় জৰিমনা ৫০০ পাউণ্ড হ’ব পাৰে।
সুনাকৰ মুখপাত্ৰই কয় যে এইটো এটা সৰু ত্ৰুটি। এটা চমু ভিডিঅ’ ল’বলৈ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ছিটবেল্ট আঁতৰাই দিছিল। তেওঁ সম্পূৰ্ণৰূপে স্বীকাৰ কৰে যে এইটো এটা ভুল আছিল। তেওঁ এই ভুলৰ বাবে ক্ষমা বিচাৰিছে। তেঁও লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে বিশ্বাস কৰে যে সকলোৱে ছিটবেল্ট মাৰি লোৱা উচিত।
ঘটনাটোক লৈ বিৰোধী লেবাৰ পাৰ্টিয়ে সুনাকক সমালোচনা কৰিছে। দলটোৰ মুখপাত্ৰই কয়, “সুনাকে ছিটবেল্ট, ডেবিট কাৰ্ড, ৰে’ল সেৱা, অৰ্থনীতি আৰু দেশ কেনেদৰে চলাব লাগে সেয়া নাজানে। এই তালিকাখন প্ৰতিদিনে বাঢ়ি আহিছে”।