মুম্বাইস্থিত গুগলৰ কাৰ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি। কোনো অচিনাকি ব্যক্তিয়ে ফোনযোগে পুনেত থকা গুগলৰ কাৰ্যালয়ত বোমা স্থাপন কৰা বুলি ভাবুকি প্ৰদান কৰে। এই ফোনৰ পিছতে গুগলৰ কাৰ্যালয়ত তাৎক্ষণিকভাৱে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।
প্ৰাপ্ত বাতৰি অনুসৰি, পুনেৰ মুন্ধৱা অঞ্চলত অৱস্থিত কাৰ্যালয়টোলৈ দেওবাৰে নিশা কাৰ্যালয় চৌহদত বোমা ৰখা বুলি ফোন কৰে ব্যক্তিগৰাকীয়ে। এই ভাবুকিভৰা ফোন কলৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ তদন্তত উক্ত ফোনকল কেৱল ভয় খুৱাবলৈ কৰা আৰু ফোন যোগে দিয়া ভাবুকি সম্পূৰ্ণ ভুৱা বুলি প্ৰমাণিত হয়।
আৰক্ষীয়ে ফোন কৰাৰ সময়ত ব্যক্তিগৰাকীয়ে মদ্যপান কৰি থকা বুলি সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ব্যক্তিগৰাকীৰ সন্ধান উলিয়াই তেওঁক হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰিছে।
স্থানীয় আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াই জানিবলৈ দিয়ে।