গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বাৰিষাৰ পূৰ্বেই গ্ৰহণ কৰা হৈছে সতৰ্কতামূলক পদক্ষেপ। সেই অনুসৰি গুৱাহাটীৰ বাহিনী নৈৰ ওপৰত থকা মুঠ ২৬ খনকৈ দলং ভাঙি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল GMCয়ে।

এই দলংসমূহে বাহিনী নৈৰ পানী ভেটা দি কৃত্ৰিম বানত অৰিহণা যোগাই আছিল। সেয়েহে গুৱাহাটী পৌৰ নিগমে চিহ্নিত কৰা এই ২৬ খন দলং ভাঙি কৃত্ৰিম বান ৰোধৰ বাবে প্ৰচেষ্টা চলাইছে।

ইয়াৰ সমান্তৰালকৈ মহানগৰীৰ নলা- নৰ্দমাবোৰো পৰিস্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন প্ৰান্তৰ নলা-নৰ্দমা খান্দি তাৰ ভিতৰত আৱদ্ধ হৈ থকা আৱৰ্জনাসমূহ উলিয়াই অনা হৈছে। যাতে সহজে এই নলাসমূহৰ জৰিয়তে পানী বৈ যাব পাৰে। পৌৰ নিগমৰ এই যোগাত্মক পদক্ষেপৰ মাজতে অৱশ্যে সৃষ্টি হৈছে আন এক সমস্যা। নলা-নৰ্দমাৰ পৰা খান্দি উলিয়াই অনা আৱৰ্জনাবোৰ নলাৰ কাষতে ৰাজপথত পেলাই থোৱাত এতিয়া দুৰ্গন্ধ আৰু প্ৰদূষণৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply