গুৱাহাটী : মহাৰাষ্ট্ৰত শিৱসেনা চৰকাৰৰ যিকোনো সময়ত পতন ঘটিব পাৰে। সেৱাসেনাৰ কেইবাজনো বিধায়ক উদ্ধাৱ থাকৰেৰে চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ আৰম্ভ কৰিছে। ইতিমধ্যে শিৱসেনাৰ বিসম্বাদী বিধায়ক সকল গুৱাহাটীত আহি উপস্থিত হৈছে।
একনাথ সিন্ধেৰ নেতৃত্বত উদ্ধৱ থাকৰেৰ বিৰুদ্ধে শিৱসেনাৰ কেইবাজনো বিধায়কে বিসম্বাদ আৰম্ভ কৰাত উদ্ধাৱ থাকৰেৰে চৰকাৰ সংকটত পৰিছে। বিসম্বাদী বিধায়ক সকলে প্ৰথম অৱস্থাত চুৰতত বাহৰ পাতি আছিল যদিও মঙলবাৰে নিশাৰ ভাগত এই বিসম্বাদী বিধায়ক সকল উপস্থিত হয় গুৱাহাটীত।
লগতে পঢ়ক – ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দ্রৌপদী মু্ৰ্মু বিজেপিৰ প্ৰাৰ্থী
গুৱাহাটী বিমান বন্দৰৰ পৰা শিৱ সেনাৰ এই বিধায়ক সকল পোনে পোনে হোটেল ৰেডিশ্যন ব্লু’লৈ যাত্ৰা কৰে। বৰ্তমান এই বিধায়ক সকল ৰেডিশ্যন ব্লু হোটেলত বাহৰ পাতি আছে। ইফালে একনাথ সিন্ধেই দাবী কৰে যে তেওঁৰ লগত ৪০ জনকৈ বিধায়ক আছে। তেওঁলোকে শিৱসেনা ত্যাগ নকৰে বুলিও জানিবলৈ দিয়ে একনাথ সিন্ধেই।