গুৱাহাটী ৰে’ল ষ্টেচনত মঙলবাৰে ৰে’ল আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ চোৰাং সোণ ৷ লগতে আটক কৰে এজন সৰবৰাহকাৰীক ৷

চোৰাং সোণৰ ব্যৱসায়ৰ স’তে জড়িত থকা সম্পট ৰাও নামৰ সৰবৰাহকাৰীজনক প্ৰায় ৩২০ গ্ৰাম সোণ সহ আটক কৰে ৷ জব্দকৃত সোণখিনি আগৰতলাৰ পৰা দিল্লীলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই থকা সময়তে ৰে’ল আৰক্ষীৰ তৎপৰতাত গুৱাহাটী ষ্টেচনতে জব্দ কৰা হয়৷

সোণখিনিৰ বজাৰমূল্য প্রায় ২০ লাখ টকা বুলি আৰক্ষীয়ে জানিব দিয়ে ৷ ইতিমধ্যে এই সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply