নিউজ ডেস্ক – ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰমিক তথা নিয়োজন ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে আজি অসমৰ জিলা গোৱালপাৰাৰ মাটিয়াত থকা এইচপিচিএল এলপিজি বটলিং প্ৰকল্পটো দেশবাসীলৈ উৎসৰ্গা কৰে।

মাটিয়াৰ ৩০ টিএমটিপিএ ক্ষমতাযুক্ত  এইচপিচিএল এলপিজি বটলিং প্ৰকল্পটো ঔদ্যোগিক উন্নয়ন কেন্দ্ৰৰ ৩০ একৰ ভূমিত বিয়পি আছে। প্ৰায় ৭০ কোটি টকা ব্যয়ৰ এই প্ৰকল্পটো অত্যাধুনিক সুবিধাৰে সজ্জিত আৰু ই  অসম, ত্ৰিপুৰা, নাগালেণ্ড তথা মেঘালয় ৰাজ্যৰ প্ৰায় ৭৫ জন এইচপিচিএল এলপিজি ডিষ্ট্ৰিবিউটৰৰ জৰিয়তে প্ৰায় ৮ লাখ গ্ৰাহকৰ এলপিজি প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব।

ভাষণ প্ৰসংগত শ্ৰী ৰামেশ্বৰ তেলীয়ে উল্লেখ কৰে যে মাটিয়াত এইচপিচিএল এলপিজি প্ৰকল্পৰ উৎসৰ্গা অসমত উন্নয়ন আৰু প্ৰগতিৰ এক নতুন অধ্যায় হিচাপে বিবেচিত হৈছে। তেওঁ কয় যে এই প্ৰকল্পটোৱে কেৱল স্থানীয় লোকসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰাই নহয়, স্থানীয় অৰ্থনীতিকো উন্নত কৰিব। তেওঁ লগতে কয় যে অঞ্চলটোত এলপিজিৰ নিৰৱচ্ছিন্ন যোগানৰ ফলত সমগ্ৰ দেশতে আজাদী কা অমৃত মহোৎসৱৰ চলি থকা উদযাপনত অৰিহণা যোগাব।

এইচপিচিএলৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক শ্ৰী পুষ্প কুমাৰ যোশীয়ে বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায় আৰু মাটিয়াত থকা এইচপিচিএল এলপিজি বটলিং প্ৰকল্পৰ বিশেষত্ব তথা সামৰ্থ্যৰ বিষয়ে তেওঁৰ ভাষণত আলোকপাত কৰে।

এলপিজিৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক শ্ৰী অনুজ কুমাৰ জৈনে শ্ৰী ৰামেশ্বৰ তেলী আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলক এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

মাটিয়াত এইচপিচিএল এলপিজি বটলিং প্ৰকল্পৰ উৎসৰ্গা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চললৈ নিৰ্ভৰযোগ্য আৰু এলপিজি যোগান ধৰাৰ ক্ষেত্ৰত এইচপিচিএলৰ প্ৰতিশ্ৰুতি অনুসৰি এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply