নিউজ ডেস্ক: মহানগৰীত পুনৰ সংঘটিত হৈছে শিশু নিৰ্যাতনৰ ঘটনা। সমাজৰ বিশিষ্ট ব্যক্তি হিচাপে পৰিচিত চিকিৎসক দম্পতী দ্বাৰা সংঘটিত হৈছে শিশু নিৰ্যাতনৰ ঘটনা। নিজ পিতৃ-মাতৃৰ দ্বাৰাই সংঘটিত হৈছে এই অমানৱীয় ঘটনা।

নিজ সন্তানক নিৰ্যাতন চলাই বিৰ্তকত সোমাই পৰা এই চিকিৎসক দম্পতী হৈছে ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ডাঃ ৱালিউল ইছলাম। মহানগৰীৰ আৰ্য হাস্পতালৰ সমীপৰ ৰমা এনক্লেভৰ নিবাসী এই দুই চিকিৎসক দম্পতী।

জানিব পৰা মতে, স্থানীয় একাংশ লোকে শিশুটিক নিৰ্যাতন চলোৱা ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। চাৰি বছৰীয়া কন্যা শিশুটিক ঘৰৰ ছাঁদত প্ৰখৰ ৰ’দত বান্ধি থোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে। অভিযোগৰ ভিত্তিত শুক্ৰবাৰে বিয়লি ৫.৩০ বজাত ৰমা এনক্লেভত উপস্থিত হৈ আৰক্ষীয়ে শিশুটিক ছাঁদৰ ওপৰত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে। লগতে আটক কৰে ডাঃ ৱালিউল ইছলামক।

ঘটনাৰ পিছতে ডাঃ সংগীতা দত্তই ছচিয়েল মিডিয়াত এক ভিডিঅ’যোগে কয় যে তেওঁলোকৰ বিৰুদ্ধে কোনোৱে ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। তেওঁলোকে তেনেধৰণৰ কোনো কাম কৰা নাই। এয়া তেওঁলোকৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ। অৱশ্যে এই ভিডিঅ’টো পিছত আঁতৰাই দিয়ে ছচিয়েল মিডিয়াৰ পৰা।

বৰ্তমান পলাতক অৱস্থাত আছে ডাঃ সংগীতা দত্ত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply