ৱেব ডেস্ক: অসম চৰকাৰৰ তৃতীয় বৰ্গৰ ড্ৰাইভাৰ পদৰ প্ৰথম পৰ্যায়ৰ লিখিত পৰীক্ষাৰ হৈ যোৱাৰ পাছতে পৰৰ্ৱতী পৰ্যায়ৰ দক্ষতা পৰীক্ষাৰ তাৰিখ আজি ঘোষণা কৰে এক বিজ্ঞাপনৰ জৰিয়তে।

বিজ্ঞাপনত লিখা হৈছে যে  যিসকল পৰীক্ষাৰ্থীয়ে লিখিত পৰীক্ষাত উৰ্ত্তীণ হৈছে তেওঁলোকে নিম্নতম মেট্ৰিক পৰীক্ষা বা সমতুল্য পৰীক্ষাত উৰ্ত্তীণ হ’ব লাগিব।

এই পৰীক্ষা ২০২৩ চনৰ ২৮, ২৯ জানুৱাৰী আৰু ৪, ৫ ফেব্ৰুৱাৰী তাৰিখে  গুৱাহাটীত অনুষ্ঠিত হ’ব।

২৫ জানুৱাৰীত বিয়লি ৩ বজাৰ পৰা ছেবাৰ অফিচিয়েল ৱেবছাইত (www.sebaonline.org)ত উপলদ্ধ হ’ব এডমিট কাৰ্ড সমূহ। পৰীক্ষাৰ সময়, স্থান ইত্যাদি এডমিট কাৰ্ডত উল্লেখ কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply