জম্মু-কাশ্মীৰৰ ৰামবন জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰে ভূমিস্খলনে। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা এই ভয়াৱহ ভূমিস্খলনত এগৰাকী লোক নিহত হোৱাৰ লগতে আন ছয়গৰাকী লোক আহত হয়।
ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত বন্ধ কৰি দিয়া হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
ৰামবনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহিতা শৰ্মাই ঘটনা সন্দৰ্ভত উল্লেখ কৰা মতে, ৰামবনৰ ছেৰী গাঁৱৰ সমীপৰ ২৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথত সংঘটিত হোৱা এই ভূমিস্খলনত ৭ জন লোক আহত হৈছিল। পিছত চিকিৎসালয়লৈ নিয়াৰ পথতে গুৰুতৰভাৱে আহত সুৰজীত সিং নামৰ ব্যক্তিগৰাকীৰ মৃত্যু হয় বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।
আনকেইগৰাকী আহত ক্ৰমে মহম্মদ তাজ, হামিদ, ৰুবীনা বেগম, সকীনা বেগম, ছালমা বানি আৰু আমিৰ নামৰ ব্যক্তি কেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলিও তেওঁ লগতে কয়।
এই ভূমিস্খলনত দুখন বাহনৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে বুলি স্থানীয় বিষয়াসকলে জানিবলৈ দিয়ে।
জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ ভূমিস্খলন
জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ ভূমিস্খলন
