সোমবাৰে নিশা গুৱাহাটী মহানগৰীত নিচাযুক্ত সামগ্ৰীসহ এজন সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানিব দিয়া মতে, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত যোৱা নিশা জালুকবাৰী আৰক্ষীৰ এটা দলে শৰাইঘাট দলঙৰ ওচৰত তালাচী চলাই নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ জব্দ কৰে।
উল্লেখ্য যে, আৰক্ষীৰ দলটোৱে এখন বাহনত তালাচী চলাই এটা বেগৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ নাম আব্দুল মান্নান বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ব্যক্তিজনৰ পৰা ৪৮টা বটল নিষিদ্ধ কফ চিৰাপ, ২০০ পেকেট নিচাজাতীয় টেবলেট জব্দ কৰে। আৰক্ষীয়ে সন্দেহ কৰা মতে লোকজন নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ এটা বৃহৎ চক্ৰৰ লগত জড়িত।
আনহাতে আৰক্ষীয়ে অধিক তথ্যৰ বাবে লোকজনক সোধা-পোছা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাত নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।