সময়ৰ লগে লগে মেটাৰ অন্তৰ্ভুক্ত ছোচিয়েল প্লেটফৰ্মসমূহ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছে। বাকী প্লেটফৰ্মবোৰে হোৱাটছএপ আৰু ইনষ্টাগ্ৰামৰ দৰে এপৰ সৈতে প্ৰতিযোগিতাত সংগ্ৰাম কৰিবলগা হৈছে। তাৰ মাজতে এইবাৰ মেটাই টুইটাৰক প্ৰত্যাহ্বান জনাবলৈ এক নতুন ৰণনীতি গ্ৰহণ কৰিছে।

চেলিব্ৰিটিৰ পৰা সাধাৰণ মানুহলৈকে সকলোৱে বাতৰিৰ বিশ্বাসযোগ্যতাৰ ক্ষেত্ৰত টুইটাৰৰ ওপৰত নিৰ্ভৰ কৰে। নেটিজেনসকলে কেইটামান শব্দ লিখি দ্ৰুত আপডেট দিবলৈ এলন মাস্কৰ এই প্লেটফৰ্ম বাছনি কৰে।

সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি,  মেটাই এক এপ মুকলি কৰাৰ পৰিকল্পনা কৰিছে য’ত লিখনিক আটাইতকৈ বেছি গুৰুত্ব দিয়া হ’ব। জানিব পৰা মতে এই নতুন এপটো টুইটাৰৰ প্ৰতিযোগী ActivityPubৰ দৰে হ’ব। ইয়াক P92 নাম দিয়া হৈছে।

এই এপটো ইনষ্টাগ্ৰামত অন্তৰ্ভুক্ত কৰা হ’ব। অৰ্থাৎ, ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে সেই একাউণ্টৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ দ্বাৰাই নতুন এপটো ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব।

এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও মেটাৰ মুখপাত্ৰই বিষয়টো নিশ্চিত কৰিছে। মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে এখন প্লেটফৰ্ম সৃষ্টি কৰাৰ কথা ভাবি আছে য’ত সাধাৰণ মানুহ আৰু চেলিব্ৰেটীসকলে কেৱল লিখনিৰ জৰিয়তে দ্ৰুততাৰে তেওঁলোকৰ আপডেট দিব পাৰে।

পৃথকে কোৱাৰ প্ৰয়োজন নাই যে এই নতুন চিন্তাৰ লক্ষ্যটো হৈছে টুইটাৰক প্ৰত্যাহ্বান জনোৱা। জানিব পৰা গৈছে যে এপটো প্ৰস্তুত কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply