শুক্ৰবাৰে ডিব্ৰুগড় জিলাৰ মৰাণত নিৰ্মীয়মান অৱস্থাত থকা চাৰিলেন যুক্ত পথত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ আৰু জিলা খনৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে শুভাৰম্ভ কৰে এক যুগান্তকাৰী পদক্ষেপ।

শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা ডিব্ৰুগড় জিলাৰ মৰাণৰ খটখটীলৈ ৪২ কি.মি. পথত নিৰ্মাণ হ’ব বিমানৰ জৰুৰী অৱতৰণ ব্যৱস্থা। উক্ত পথচোৱাত নিমাৰ্ণ হ’ব লগীয়া Emergency Lending Facilityৰ বাবে ১১২ কোটি টকা আৱন্টনৰ লগতে অহা ১৮ মাহত সম্পূৰ্ণ হ’ব বুলি নিৰ্মাণৰ দায়িত্ব লোৱা পশ্চিমবংগৰ মেৰ্চাছ মোহনলাল জৈন নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে। 

উদ্ধোধনী অনুষ্ঠানত বিধায়ক চক্ৰধৰ গগৈ আৰু উপায়ুক্ত বিশ্বজিৎ পেগুৱে বক্তব্য প্ৰদান কৰি ঠিকাদাৰ প্ৰতিষ্ঠানটোক নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণৰ কাম শেষ কৰিবলৈ অনুৰোধ জনায়। লগতে নিৰ্মাণকাৰ্যত কোনো প্ৰতিবন্ধকতা আহিলে প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায়। 

উল্লখ্য যে,  এই শুভ উদ্ধোধনী অনুষ্ঠানত বিধায়ক চক্ৰধৰ গগৈ,  উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপৰিও মৰাণৰ ৰাজ চক্ৰ বিষয়া শ্ৰাৱণা সোনোৱাল,  মৰাণ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ উপাধ্যায়,  মৰাণ আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শক সিদ্ধেশ্বৰ বড়োৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰাধিকৰণৰ বিষয়াবৰ্গ উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply