তিনিচুকীয়া জিলাৰ ডাঙৰীত ভাৰতীয় সেনাই ভুৱা সংঘৰ্ষত হত্যা কৰা প্ৰত্যেকগৰাকী শ্বহীদৰ পৰিয়ালক ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে।
২৯ বছৰ পূৰ্বে হোৱা ভুৱা এনকাউন্টৰৰ বিৰুদ্ধে জগদীশ ভূঞাই গোচৰ ৰুজু কৰিছিল। ডাঙৰীত সংঘটিত হোৱা এই ঘটনাই ৰাইজৰ মাজত আক্ৰোশৰ সৃষ্টি কৰি আহিছিল।
উল্লেখযোগ্য যে আলফাৰ সশস্ত্ৰ বিপ্লৱ দমনৰ নামত কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰা ভাৰতীয় সেনাই ১৯৯৪ চনৰ ২৩ ফেব্ৰুৱাৰীত পাঁচ জন নিৰীহ যুৱকক নিৰ্মম ভাৱে হত্যা কৰিছিল।