২০২৪ চনত তৃতীয়বাৰলৈ লোকসভা নিৰ্বাচনৰ সন্মুখীন হ’ব নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ। এইবাৰ সম্পূৰ্ণ নতুন ৰূপত, নতুন মুখ আগত ৰাখি সাজু হ’ব গেৰুৱা শিবিৰ। উল্লেখ্য যে ৫৪৩ জনীয়া লোকসভাৰ বর্তমান ৩০৩ খন আসনতে আছে শাসকীয় দল বিজেপিৰ সাংসদ। পিছে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত হ্ৰাস পোৱা ভোটৰ হাৰে নিৰ্বাচনী অংকত আউল লগাইছে বিজেপিৰ। সেয়ে পৰৱৰ্তী লোকসভা নিৰ্বাচনক লৈ অত্যন্ত সচেতনতাৰে নতুন মুখ লৈ বিজেপিয়ে চলাইছে ৰাজনৈতিক ব্লু-প্ৰিণ্ট। বৰ্তমান বিৰোধীৰ দখলত থকা ১৪৪ টা লোকসভা সমষ্টি দখলৰ বাবে দেশজুৰি তুমুল সাংগঠনিক তৎপৰতা চলাই থকাৰ মাজতে আৰ এছ এছ- বিজেপিয়ে চলোৱা এক গোপন সাংগঠনিক সমীক্ষাই এতিয়া হাহাকাৰ লগাইছে গেৰুৱা শিবিৰৰ অভ্যন্তৰত।
বর্তমানৰ ৩০৩ জন বিজেপি সাংসদৰ ভিতৰত প্ৰায় এশজনেই নিজ সমষ্টিত জনপ্রিয়তা আৰু সাংগঠনিক ভেটি হেৰুওৱাৰ কথা প্ৰকাশ পাইছে এই সাংগঠনিক সমীক্ষাত। ইয়াৰ ভিত্তিতে মাত্ৰ এবছৰ পিচতে অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে এতিয়া বিকল্প ৰণনীতি যুগুতাইছে শাসক দলটোৱে। তাৎপর্যপূর্ণভাৱে বিজেপিৰ সাংসদে জনপ্রিয়তা হেৰুওৱা এই এশ লোকসভা সমষ্টিত উত্থান ঘটিছে বিৰোধীৰ।
উল্লেখ্য যে প্রার্থিত্ব হেৰুওৱাৰ সম্ভাৱনা থকা বিজেপিৰ এশ সাংসদৰ বুজনসংখ্যকৰ বিৰুদ্ধেই নিজ নিজ সমষ্টিত প্রতিষ্ঠানবিৰোধী ঢৌ সৃষ্টিৰ কথাও এই সমীক্ষাত প্ৰকাশ পাইছে। কাৰ্যতঃ বিজেপিয়ে এই এশজন সাংসদৰ প্রার্থিত্ব কৰ্তনেৰে নতুন মুখৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰি বিৰোধীক ধৰাশায়ী কৰাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনতো বিজেপিয়ে ৯৯ জন লোকসভাৰ সাংসদৰ প্রার্থিত্ব কৰ্তন কৰি প্ৰক্ষেপ কৰিছিল নতুন প্ৰাৰ্থীক। ইয়াৰ ফলশ্রুতিতে ২০১৪ চনত বিজেপিৰ হাতত থকা ২৬৭ টা লোকসভা সমষ্টিৰ সংখ্যা ২০১৯ চনত ৩০৩ লৈ বৃদ্ধি হৈছিল।
প্ৰাপ্ত তথ্য অনুসৰি এইবাৰৰ তালিকাত আছে অসমৰো চাৰি-পাঁচজন সাংসদ। এইক্ষেত্ৰত নাম ওলাইছে লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, গুৱাহাটীৰ সাংসদ কুইন ওজা, ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলী, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ আদি। ইফালে মঙলদৈ লোকসভাৰ সাংসদ দিলীপ কুমাৰ শইকীয়াৰ সমষ্টি সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। ২০২৪ চনত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পদ্মলোচন দাসৰ স্থানত মঙলদৈৰ সাংসদ দিলীপ কুমাৰ শইকীয়াক প্ৰক্ষেপ কৰাৰ চিন্তা-চৰ্চা কৰিছে। এই সমষ্টিকেইটাত ইতিমধ্যে ভুমুকি মাৰিছে বিজেপিৰ একাধিক প্রার্থিত্বপ্রত্যাশী নেতা। এনে অগ্ৰগতিৰ মাজতে শীঘ্ৰে বিস্তৃত সাংগঠনিক কাৰ্যসূচীৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।
উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনতো অসমৰ সাতজন বিজেপি সাংসদৰ ভিতৰত পাঁচজন সাংসদে প্রার্থিত্ব হেৰুৱাইছিল। বিগত লোকসভা নিৰ্বাচনত অসমৰ মুঠ সাংসদৰ ৭২ শতাংশৰে প্রার্থিত্ব কৰ্তন কৰাৰ পিচতো অসমত কমা নাছিল বিজেপি সাংসদৰ সংখ্যা। বৰঞ্চ ২০১৯ চনৰ নিৰ্বাচনত ৭ৰ পৰা ৯ লৈ বৃদ্ধি পাইছিল। পূৰ্বৰ লোকসভা নিৰ্বাচনত গুৱাহাটীত বিজয়া চক্রৱর্তী, মঙলদৈত ৰমেন ডেকা, যোৰহাটত কামাখ্যাপ্রসাদ তাছা, নগাঁৱত ৰাজেন গোহাঁই আৰু তেজপুৰত ৰামপ্ৰসাদ শৰ্মাৰ প্রার্থিত্ব কৰ্তন কৰা সত্ত্বেও নগাঁৱক বাদ দি আন আটাইকেইটা সমষ্টিতে পুনৰবাৰ বিজেপিয়ে বিজয় নিচান উৰুৱাবলৈ সক্ষম হৈছিল।
ইফালে লখিমপুৰ, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় আদি লোকসভা সমষ্টিত বিজেপিৰ বিকল্প প্রার্থীয়ে ব্যাপক ৰূপত ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে। ইয়াৰ মাজতে আৰ এছ এছ আৰু বিজেপিৰ এক গোপন সাংগঠনিক সমীক্ষাত অসমৰ চাৰি- পাঁচজনকে ধৰি দেশৰ এশ বিজেপি সাংসদে নেতিবাচক ‘ৰিপ’ৰ্ট কার্ড’ লাভ কৰাত এতিয়া স্বাভাৱিকতে আগত নিৰ্বাচনত প্রার্থিত্বৰ ক্ষেত্ৰত শাসক শিবিৰত বৃহৎ ৰদ বদলৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।