সোমবাৰে তুৰস্ক আৰু চিৰিয়াত হোৱা শক্তিশালী ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম কৰিছে। দ্য গাৰ্ডিয়ানৰৰ বাতৰি মতে কেৱল তুৰস্কতে ২,৩৭৯ জন লোকৰ মৃত্যু হৈছে। চিৰিয়াত মৃত্যুৰ সংখ্যা হৈছে ১,৪৪৪ জন। আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত শেহতীয়া বাতৰি মতে, মৃত্যুৰ সংখ্যা আৰু বৃদ্ধিৰ সম্ভাৱনা আছে।

তুৰ্কীৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষই জনাইছে যে ভূমিকম্পত এতিয়ালৈকে ২,৩৭৯ জন লোক নিহত হৈছে। ১৪,৪৮৩ জন লোক আহত হৈছে। দেশখনত কমেও ৫,৬০৬টা বহুমহলীয়া অট্টালিকা খহি পৰিছে।

আনহাতে,  উত্তৰ চিৰিয়াত হোৱা ভূমিকম্পত এতিয়ালৈকে ১,৪৪৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দেশখনত ৩,৫০০ ৰো অধিক লোক আহত হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে তুৰস্ক আৰু চিৰিয়াত হতাহতৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈ থাকিব পাৰে। দেওবাৰে পুৱতি নিশা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পই চিৰিয়া আৰু তুৰস্কক জোকাৰি গৈছিল। সোমবাৰে তুৰস্কক পুনৰ ৭.৬ প্ৰাবল্যৰ আন এটা ভূমিকম্পই জোকাৰি যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply