সোমবাৰে প্ৰবল ভূমিকম্পই কঁপাই তোলাৰ পিছত তুৰস্ক আৰু ছিৰিয়াত এতিয়ালৈকে প্ৰায় ১৫,৩৮৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। বিগত চাৰিটা দিন ধৰি ভূমিকম্পই বিধ্বস্ত কৰা অঞ্চলসমূহত বৰ্তমানো উদ্ধাৰ অভিযান চলাই আছে উদ্ধাৰকাৰী দলে।
ভূমিকম্পই বিপৰ্যয়ৰ সৃষ্টি কৰাৰ পিছত তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোছানে সদৰী কৰা মতে, আমেৰিকা, ব্ৰিটেইন, আৰৱ, ইজৰাইল আৰু ৰাছিয়াকে ধৰি সত্তৰখন দেশ আৰু ১৪ টা আন্তঃৰাষ্ট্ৰীয় সংস্থাই তুৰস্কক এই ভয়াৱহ পৰিস্থিতিত সাহায্য দিয়াৰ প্ৰস্তাৱ দিছে।
ইতিমধ্যে ভাৰতকে ধৰি কেইবাখনো দেশে উদ্ধাৰকাৰী দল তথা অন্যান্য সা-সামগ্ৰী সাহায্য হিচাপে দেশ দুখনলৈ প্ৰেৰণ কৰিছে। ভূমিকম্প বিধ্বস্ত অঞ্চলসমূহত এই বহি:দেশৰ উদ্ধাৰকাৰী দলসমূহেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
প্ৰাপ্ত বাতৰি অনুসৰি, এই ভূমিকম্পৰ ফলত তুৰস্কত প্ৰায় ১২,৩৯১ গৰাকী আৰু ছিৰিয়াত প্ৰায় ২,৯৯২ গৰাকী লোকৰ মৃত্যু হৈছে। অৱশ্যে বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত থকালৈ চাই বিশেষজ্ঞসকলে এই সংখ্যা তীব্ৰভাৱে বৃদ্ধি পোৱাৰ আশংকা কৰিছে।
বিশ্ব স্বাস্থ্য সংস্থাই এই বৃহৎ ভূমিকম্পৰ ফলত ২.৩ কোটি লোক ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলি সকীয়াই দি দুয়োখন বিধ্বস্ত দেশকে বিভিন্ন দেশসমূহক সহায় কৰিবলৈ আহ্বান জনায়। ইয়াৰ মাজতে ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ চৰকাৰে ছিৰিয়াৰ বিৰুদ্ধে বলৱৎ হৈ থকা পশ্চিমীয়া দেশসমূহৰ নিষেধাজ্ঞা উঠাই লৈ সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে গৃহ যুদ্ধৰ ফলত বিধ্বস্ত দেশখনৰ বিৰুদ্ধে পশ্চিমীয়া দেশসমূহৰ বিভিন্ন নিষেধাজ্ঞা বলৱৎ আছে যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় সাহায্য প্ৰচেষ্টা জটিল হৈ পৰিছে।