গুৱাহাটী : দক্ষিণ গুৱাহাটী জ্যেষ্ঠ নাগৰিক সন্থাৰ মুকলি সভা ও তৃতীয় বাৰ্ষিক প্ৰতিস্থা দিৱস। মহানগৰীৰ লখৰাতস্থিত উদয়ন কৃষ্টি সংঘৰ বাকৰিত সোমবাৰে অনুষ্ঠিত কৰা হয় দক্ষিণ গুৱাহাটী জ্যেষ্ঠ নাগৰিক সন্থাৰ মুকলি সভা ও তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস।
তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জ্যেষ্ঠত কৈ জ্যেষ্ঠ ৫ জন ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বৃদ্ধ কালত পৰিয়ালৰ পৰা অনাদৃত হোৱা, ৰাজপথত পিতৃ-মাতৃক এৰি যোৱাৰ লগতে বিভিন্ন বিষয়াত আলোচনা কৰাৰ লগতে অসহায় বৃদ্ধ লোক সকলক কি ধৰণে সহায় সহযোগ কৰিব পাৰি ইয়াকলৈও আলোচনা কৰা হয়।
লগতে পঢ়ক – যাত্ৰীবাহী নাৱৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী
অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যান পৰিষদৰ অধ্যক্ষ প্ৰদীব ঠাকুৰীয়া। লগত উপস্থিত থকা আন আন বিশিষ্ট লোক সকলে ভাষণ প্ৰসংগত কয় যে এনেকুৱা সভা সমিতিয়ে বাৰ্ধ্যাক ৰোধ কৰে আৰু এক লগ হোৱাৰ সুযোগ দিয়ে। উল্লেখ্য যে সভাখনত বদ্ধা সকলে গীত-মাত, বাঁহী বজোৱাৰ লগতে ভিন্ন খুহুটীয়া কথাৰে অনুষ্ঠানটি ৰসাল কৰি তোলে।