দীপৰ বিল সংৰক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছে দীপৰ বিল সুৰক্ষা মঞ্চই।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ পৰিবেশ সংৰক্ষণৰ বৃহত্তৰ স্বাৰ্থত অসমৰ জলাশয়, বিল সমূহ ৰক্ষাৰ বাবে বেদখল উচ্ছেদকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।
“আমি দীপৰ বিল সুৰক্ষা মঞ্চই মুখ্যমন্ত্ৰীৰ সেই পদক্ষেপক আদৰণি জনাইছোঁ। একে পদক্ষেপ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দীপৰ বিলখনো প্ৰদূষণমুক্ত কৰি প্ৰাকৃতিকভাৱে সংৰক্ষণ কৰি বিলৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক এটা সুস্থ পৰিবেশ দিয়াৰ বাবে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছো।”
এই মন্তব্য দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাৰ। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মঞ্চৰ উদ্যোগত “দীপৰ বিল আৰু দাঁতিকাষৰীয়া ৰাইজৰ সুস্থ পৰিবেশ ৰক্ষাৰ স্বাৰ্থত” বিষয়ক অনুষ্ঠিত এক সংবাদ মেলত ভাগ লৈ এই মন্তব্য কৰে মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply