অসম চৰকাৰৰ সমৰ্থনত আৰু অইল ইণ্ডিয়া লিমিটেডৰ লগতে স্পিয়াৰ কৰ্পছৰ সহযোগিতাত ৰেড শ্বিল্ড ডিভিজনে অনুষ্ঠিত কৰা কেপ্টেইন জিন্তু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল টুৰ্ণামেণ্টৰ অষ্টাদশ সংস্কৰণৰ সামৰণী অনুষ্ঠানটি সম্পন্ন হয় দুলীয়াজানৰ নেহৰু ময়দানত ।
সন্মানীয় সাহসী বীৰ যোদ্ধা ফ্লায়িং অফিচাৰগৰাকীৰ গৰ্বিত পিতৃ-মাতৃ ঠগীৰাম গগৈ আৰু প্ৰভা গগৈ, অ’এনজিচি নাজিৰাৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰবন্ধক গণেশন, এছবিআইৰ প্ৰবন্ধক আফটাব আহমেদ মল্লিক আৰু এন আৰু এল গোলাঘাটৰ মহাপ্ৰবন্ধক মিণ্টু সন্দিকৈৰ উপস্থিতিত অইল ইণ্ডিয়া লিমিটেডৰ অভিযান্ত্ৰিক সেৱাৰ কাৰ্যবাহী সঞ্চালক এছ পি ডেকা আৰু ৭৩ মাউণ্টেইন ব্ৰিগেডৰ সেনা পদক প্ৰাপক ব্ৰিগেডিয়াৰ কৃপাল সিং গীলৰ পদাৰ্পণে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
উক্ত অনুষ্ঠানটো পৃষ্ঠপোষক, সংবাদ মাধ্যমৰ লোক, অসমৰ প্ৰভাৱক/ব্লগাৰসকল আৰু উজনি অসমৰ স্থানীয় লোকসকলকে ধৰি পঁচিশ হাজাৰতকৈয়ো অধিক দৰ্শকে উপভোগ কৰে । অনুষ্ঠানটো স্থানীয় বেণ্ড, মিলিটাৰী জেজ আৰু পাইপ বেণ্ড, ভাংৰা, নিৰস্ত্ৰ কমবেট আৰু স্থানীয় শিশুসকলৰ উত্তেজনাপূৰ্ণ আৰু গতিশীল অনুষ্ঠান পৰিৱেশনেৰে জাকজমক হৈ উঠে ।
ফাইনেল খেলখনত সম্পূৰ্ণ সময় খেলাৰ পিছত ১-১ গ’লেৰে উভয় দলে সমতা স্থাপন কৰাত টাই ব্ৰেকাৰ পদ্ধতিত খেলি ১১ ষ্টাৰ্ছ বঙাইগাঁৱে অইল এফচিৰ বিপক্ষে ৪-২ গ’লৰ ব্যৱধানত বিজয়ীৰ খিতাপ দখল কৰে । খেলখনত দেখুওৱা কৃতিত্বৰ বাবে অইল এফচিৰ সুধন বড়িক গোল্ডেন বল, ১১ ষ্টাৰ্ছ বঙাইগাঁৱৰ ছেমিম থাং হাওকিপক গোল্ডেন বুট আৰু ১১ ষ্টাৰ্ছ বঙাইগাঁৱৰ গণেশ বড়োক গোল্ডেন গ্লোভ প্ৰদান কৰা হয়। বিজয়ী দলটোৱে ট্ৰফীৰ লগতে ৮ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে আৰু ৰাণাৰ্ছ আপ দলটোৱেও ট্ৰফীৰ উপৰি ৫ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে ।
এই টুৰ্ণামেণ্টৰ ট্ৰফী উন্মোচনী অনুষ্ঠানটো ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় আৰু তাৰ পিছতেই ২ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ উজনি অসমৰ পাঁচখন জিলাত ট্ৰ’ফীটো ভ্ৰমণ কৰোৱা হয় । ট্ৰ’ফীটো বীৰ যোদ্ধাগৰাকীৰ গৃহ চহৰ খুমটাইলৈও নিয়া হয় আৰু টুৰ্ণামেণ্টখনৰ বাবে কেপ্টেইন জিন্তু গগৈৰ পিতৃ-মাতৃৰ আশীৰ্বাদ লোৱা হয়।
যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ এই টুৰ্ণামেণ্টখনৰ খেলসমূহ একেসময়তে দুলীয়াজান, ডিব্ৰুগড়, তিনিচুকীয়া আৰু ডিগবৈত খেলোৱা হয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ২৪ টা দলে টুৰ্ণামেণ্টখনত অংশ গ্ৰহণ কৰে ।