গুৱাহাটীৰ ৰেডিশ্যন ব্লু হোটেলৰ দ্য গ্ৰেট কাবাব ফেক্টৰীত ‘নিজামি নৱাবী’ খাদ্য মহোৎসৱ। ১৭ৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া ‘নিজামি নৱাবী’ খাদ্য মহোৎসৱৰ জৰিয়তে এক অনন্য ৰন্ধন অভিজ্ঞতা কঢ়িয়াই অনাৰ বাবে ৰাজকীয় যুগলবন্দীৰ আয়োজন কৰিছে।
দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে খাদ্যপ্ৰেমীসকলৰ বাবে এক অনন্য ভোজন অভিজ্ঞতা কঢ়িয়াবৰ বাবে এই খাদ্য মহোৎসৱৰ আয়োজন কৰিছে। দ্য গ্ৰেট কাবাব ফেক্টৰীত সাতটা ভিন্ন শৈলীৰে প্ৰস্তুত কৰা সুস্বাদু কাবাবৰ আপুনি সোৱাদ ল’ব পাৰিব, য’ত তন্দুৰ বা সিংৰিত পোৰা, মাহী তাৱাত পাতলীয়াকৈ ভজা, কেৰাহীত ভজা, ভাপত দিয়া, শিলৰ ওপৰত গ্ৰীল কৰা কাবাব অন্তৰ্ভুক্ত কৰা হৈছে। খাদ্য মহোৎসৱৰ বিশেষ ব্যঞ্জনসমূহ হৈছে হায়দৰাবাদী পথাৰ কে ফুল চপ, হজতৰগঞ্জ কি তল্লী মাচ্ছি, হালিম, অৱধি মুৰ্গ বুৰৰা, ফালাকনুমা চূজা, কাকোৰী কাবাব, তাৰ গোষ্ট, হায়দৰাবাদী চিকেন মাণ্ডিৰ লগতে অন্যান্য বহুতো সুস্বাদু ব্যঞ্জন।
১৭ৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া খাদ্য মহোৎসৱত দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে খাদ্যপ্ৰেমীসকলক ভাৰতৰ ঐতিহাসিক তথা খাদ্যনগৰী হায়দৰাবাদৰ গেষ্ট্ৰ’নমিক যাত্ৰালৈ আমন্ত্ৰণ জনাইছে। সন্ধিয়া ৭ বজাৰ পৰা নিশা ১২ বজালৈ খাদ্যপ্ৰেমীসকলৰ বাবে খোলা থাকিব দ্য গ্ৰেট কাবাব ফেক্টৰী।