কোকৰাঝাৰ জিলা কাৰাগাৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা৷ কোকৰাঝাৰ জিলা কাৰাগাৰত ধনৰ বিনিময়ত আচামীক লগ কৰিবলৈ দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

কাৰাগাৰৰ আৰক্ষী বিপ্লৱ সৰকাৰে কাৰাগাৰত আচামীক লগ কৰাৰ বিনিময়ত লৈছিল ধন।

উল্লেখ্য যে,  আচামীক সাক্ষাৎ কৰাৰ বিনিময়ত ধন লোৱা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ প্ৰতক্ষ্য কৰাৰ পাছতে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে।

ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰি প্ৰতিবেদন দাখিল কৰাৰ পিছতে কোকৰাঝাৰ কাৰাগাৰৰ আৰক্ষী বিপ্লৱ সৰকাৰক বৃহস্পতিবাৰে শাস্তিমূলকভাৱে বদলি কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply