২০১১ চনৰ অক্টোবৰ মাহত ISRO আৰু ফ্ৰান্সৰ মহাকাশ সংস্থা চিএনইএছৰ দ্বাৰা কৃত্ৰিম উপগ্ৰহ মেঘ ট্ৰপিকছ–১ (এম টি–১) উৎক্ষেপণ কৰা হৈছিল। এই কৃত্ৰিম উপগ্ৰহটোৱে এটা দশকৰো অধিক সময় ধৰি গ্রীষ্মমণ্ডলীয় বতৰ আৰু জলবায়ু পৰিৱৰ্তন সফলভাৱে নিৰীক্ষণ কৰি আহিছিল।
যোৱা ১২ বছৰে মেঘ ট্ৰপিকছ–১ (এম টি–১) নামৰ উপগ্ৰহটোৱে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ক অবিৰতভাৱে তথ্য প্ৰদান কৰি আহিছিল। কিন্তু মঙলবাৰে উপগ্ৰহটোক নমাই অনা হ’ল পৃথিৱীৰ বায়ুমণ্ডললৈ । তাৰপিছতেই ধ্বংস কৰি পেলোৱা হয় এই উপগ্ৰহটোক।
জানিব পৰা মতে, নিজৰ কাৰ্যক্ষমতা হেৰুৱাই পেলাইছিল কৃত্ৰিম উপগ্ৰহটোৱে। যাৰ ফলত তথ্য প্ৰদান কৰাত সমস্যাৰ সন্মুখীন হৈছিল উপগ্ৰহটোৱে।
কাৰ্যক্ষমতা হেৰুৱাৰ বাবে ৰাষ্ট্ৰসংঘৰ আন্তঃসংস্থা মহাকাশ ধ্বংসাৱশেষ সমন্বয় সমিতিৰ (UNIADC) নিৰ্দেশনা অনুসৰণ কৰি ইয়াক ধ্বংস কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। ইয়াৰ পিছতে আকাশত জ্বলি ছাই হৈ পৰে মেঘ ট্ৰপিকছ–১।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সূত্ৰ অনুসৰি বংগ উপসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ ওপৰত দুটা পৰ্যায়ত ধ্বংস কৰা হৈছিল কৃত্ৰিম উপগ্ৰহটোক।