নিউজ ডেস্ক: ২৮ মে’ত উদ্বোধন কৰা হ’ব দেশৰ নৱ নিৰ্মিত সংসদ ভৱন। নতুন সংসদ ভৱন উদ্বোধনীৰ পূৰ্বে আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক। কাৰণ নতুন সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত সম্পূৰ্ণৰূপে এলাগী কৰা হৈছে দেশৰ ৰাষ্ট্ৰপতিক।

যাৰবাবে এতিয়া বিৰোধীৰ মাজত আৰম্ভ হৈছে তীব্ৰ ক্ষোভ। নৱ নিৰ্মিত এই সংসদ ভৱন উদ্বোধনী কাৰ্যসূচী বৰ্জন কৰিছে তৃণমূল কংগ্ৰেছে। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া নতুন সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকে দলটোৰ সাংসদসকল।

এই সন্দৰ্ভত দলটোৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক ওব্ৰায়েনে টুইট কৰি জনাইছে দেওঁবাৰৰ অনুষ্ঠানত তেওঁলোক উপস্থিত নাথাকে। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ সৰ্বোচ্চ প্ৰতিষ্ঠান সংসদ ভৱন। অথচ এই সংসদ ভৱনৰ উদ্বোনী অনুষ্ঠানত এলাগী হৈছে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদাধিকাৰ ৰাষ্ট্ৰপতিগৰাকী। ৰাষ্ট্ৰপতিগৰাকীয়েই সংসদৰ অভিভাৱক। সেই ৰাষ্ট্ৰপতিকেই আওকান কৰি সাংসদ ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

সেয়ে অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লৈছে তৃণমূল কংগ্ৰেছে। দলটোৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক ওব্ৰায়েনে টুইট কৰি এই সন্দৰ্ভত কয়, নতুন সাংসদ ভৱন কেৱল এটা ভৱন নহয়। ই এটা পুৰণি ৰীতি-নীতি, নিয়ম আৰু ঐতিহ্য বজাই ৰখাৰ প্ৰতিষ্ঠান। এয়া ভাৰতৰ গণতন্ত্ৰৰ ভেটি। প্ৰধানমন্ত্ৰীয়ে ইয়াক নিজৰ বাবে নাপায়। কিন্তু দেওবাৰে নতুনকৈ যি সাংসদ ভৱন উদ্বোধন হব সেয়া প্ৰধানমন্ত্ৰী মোডীৰ বাবে কেৱল মই, মোৰ, মোৰ বাবে। সেয়ে আমি ইয়াৰ পৰা বাহিৰ হৈছো।

কেৱল তৃণমূল কংগ্ৰেছেই নহয় আন বহু বিৰোধী দলেও এই অনুষ্ঠান বৰ্জনৰ হুংকাৰ দিছে। যোৱা দেওবাৰে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে এই দাবী কৰিছিল। ইয়াৰ পাছত ৰাহুল গান্ধীৰ সুৰতেই সুৰ মিলালে তৃণমূল কংগ্ৰেছৰ লগতে আন আন বিৰোধী দলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply