সমাগত উত্তৰ-পূৱৰ ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। অহা ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ডত নিৰ্বাচন অনুস্থিত হব।

নিৰ্বাচন আয়োগে সকলো মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ পিছত নাগালেণ্ডত ২২২ খন আবেদনৰ ভিতৰত ২২ খন অবৈধ বুলি জানিবলৈ দিয়ে। মুঠ ২২৫ গৰাকী প্ৰাৰ্থীয়ে ২৭ ফেব্ৰুৱাৰীৰ নিৰ্বাচনৰ বাবে কাগজপত্ৰ দাখিল কৰিছিল, কিন্তু পিছত তেওঁলোকৰ তিনিজনে প্ৰতিযোগিতাৰ পৰা প্ৰত্যাহাৰ কৰে।

জানিব পৰা মতে, নিৰ্বাচিত ২০০ জন প্ৰাৰ্থীৰ ভিতৰত মহিলা চাৰিগৰাকী আছে যাৰ মনোনয়ন পত্ৰ বৈধ।

ক্ষমতাসীন নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি(NDPP), ভাৰতীয় জনতা পাৰ্টি (BJP), নাগা পিপলছ ফ্ৰণ্ট (NPF), কংগ্ৰেছ,  লোক জনশক্তি পাৰ্টি (Ram Vilas), নেচনেল পিপলছ পাৰ্টি (NPP), জনতা দল (United), ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (Athawale), নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি, ৰাইজিং পিপলছ পাৰ্টি, ৰাষ্ট্ৰীয় জনতা দল আৰু চিপিআইকে ধৰি কমেও ১৩ টা দলে নিৰ্বাচনৰ বাবে প্ৰাৰ্থী মনোনীত কৰিছে।

আনহাতে, নিৰ্দলীয় দলও ২০ জনতকৈও অধিক প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply