এগৰাকী নিৰ্দোষী কনিষ্টবলক প্ৰচণ্ড মাৰ-পিটৰ অভিযোগত ৯জনকৈ আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰৰ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অসম আৰক্ষীৰ ৯জন বিষয়া-কনিষ্টবলৰ বিৰুদ্ধে ৫ বছৰৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে কনিষ্টবল মনোজ উপাধ্যায়ৰ ২০১৭ চনত ফেচবুক একাউণ্ট হেক হৈছিল। এই সন্দৰ্ভত তেওঁ পল্টনবজাৰ থানাত গোচৰ ৰুজু কৰিছিল যদিও কোনো তদন্ত কৰা হোৱা নাছিল। তেওঁৰ হেক হোৱা ফেচবুক একাউণ্টত এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ পত্নী-সন্তানৰ ফটো আপলোড হোৱাৰ উপৰিও মহিলাগৰাকীলৈ মেছেজ প্ৰেৰণ কৰা হৈছিল।

পাছত কনিষ্টবলজনক শীৰ্ষ আৰক্ষী বিষয়াজনে থানালৈ মাতি নি আন ৮গৰাকী বিষয়াৰ সৈতে উলংগ কৰি উপৰ্যুপৰি মাৰ-পিট কৰে। পাছত তেওঁক বৰ্তমানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিত দুৱৰাই গ্ৰেপ্তাৰ কৰে। কোনো তদন্ত নকৰাকৈ  কনিষ্টবল মনোজ উপাধ্যায়ক ইচ্ছাকৃতভাৱে ফটো আপলোড কৰা বুলি তেওঁ প্ৰচণ্ড মাৰ-পিট কৰে।

তেওঁক পণজিত দুৱৰাৰ উপৰিও পৰিদৰ্শক কংকন মহন্ত, প্ৰীতম শইকীয়া, আফজল হুছেইন, উপ-পৰিদৰ্শক চনদ কুমাৰ গগৈ, কনিষ্টবল ৰাজেন্দ্ৰ যাদৱ, যদুমণি নাথ, ৰুবুল নাথ আৰু গৃহৰক্ষী জোৱান বাবলু আলীয়ে মাৰ-পিট কৰাৰ অভিযোগ উত্থাপন হয়।

উল্লেখ্য যে উক্ত ঘটনাৰ পিছত কনিষ্টবল মনেোজ উপাধ্যায় এমাহ কাৰাগাৰত আছিল। কিন্তু কাৰাগাৰৰ পৰা ওলাই তেওঁ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু ৯জন আৰক্ষী বিষয়া-কনিষ্টবলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। এই সমগ্ৰ ঘটনাৰ ৫ বছৰৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘটনাৰ লগত জৰিত বিষয়া-কনিষ্টবলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply