শিলচৰ : পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ। পুনৰ ডকাইতক এনকাউণ্টাৰ কৰিলে অসম আৰক্ষীয়ে। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে এনকাউণ্টাৰ কৰে।
ৰাজ্যত অব্যাহত আৰক্ষীৰ এনকাউণ্টাৰ। ইজনৰ পিছত সিজন অপৰাধীক এনকাউণ্টাৰ অসম আৰক্ষীৰ। ৰাজ্যত পুনৰ এক এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে।
শিলচৰ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে এজন কুখ্যাত ডকাইতক। শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কুখ্যাত ডকাইত ছামিম আহমেদ আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলীয়াই আহত কৰে ডকাইতজনক।
লগতে পঢ়ক – নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ
কুখ্যাত ডকাইত ছামিম আহমেদক লগত লৈ আৰক্ষীয়ে তদন্ত চলাবলৈ যাওঁতে আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলায় ছামিম আহমেদ। আৰক্ষীৰ গুলীত আহত ডকাইতজন বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।