কোকৰাঝাৰ : ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। পুনৰ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ। কোকৰাঝাৰত ড্ৰাগছ সৰবৰাহকাৰীক এনকাউণ্টাৰ আৰক্ষীৰ।

কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ এনকাউণ্টাৰত আহত হোৱা ড্ৰাগছ সৰবৰাহকাৰীজন ৰাজস্থানৰ মোহনলাল। গুৱাহাটীৰ পৰা ৰাজস্থানলৈ ড্ৰাগছ সৰবৰাহ কৰি থকা সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীজনক।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত তদন্তৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীজনক গোসাঁইগাঁভিত নিয়াৰ সময়ত আৰক্ষীৰ পিষ্টল কাঢ়ি আৰক্ষী লৈ গুলী চালনা কৰে ড্ৰাগছ সৰবৰাহকাৰীজন। ফলত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক লক্ষ্য কৰি গুলী চালনা কৰাত আহত হয় ড্ৰাগছ সৰবৰাহকাৰীজন।

লগতে পঢ়ক –উৎকােচ লৈ পুনৰ এজন চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ

আৰক্ষীয়ে ট্ৰাকখনৰ পৰা ৮৫ কেজি অপিয়াম আৰু ৩ কেজি ১০০ গ্ৰাম হিৰোইন জব্দ কৰিছে। আৰক্ষীৰ গুলীত আহত হোৱা ড্ৰাগছ সৰবৰাহকাৰীজনক চিকিৎসা বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে। ইফালে দুৰ্বৃত্তই ড্ৰাগছ জব্দ হোৱা ট্ৰাকখন জ্বলাই দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply