গুৱাহাটী : গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ। সোমবাৰে পুৱাৰ ভাগত মহানগৰীত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

এটাৰ পিছত আনটো মৃতদেহ উদ্ধাৰ হৈছে গুৱাহাটী মহানগৰীত। বিগত কিছুদিনত গুৱাহাটীৰ বিভিন্ন ঠাইত উদ্ধাৰ হৈছে মৃতদেহ। এইবাৰ উলুবাৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়।

উলুবাৰীৰ উৰণীয়া সেঁতুৰ তলত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ। মৃত লোকজনৰ পৰিচয় বর্তমানলৈকে জানিব পৰা হোৱা নাই। লগতে লোকজনৰ মৃত্যুৰ কাৰণো জানিব পৰা হোৱা নাই।

লগতে পঢ়ক – হুঁচৰি দলৰ দুর্ঘটনাগ্ৰস্ত বাহনখনৰ চালকৰ আত্মসমৰ্পণ

ঘটনাস্থলীত পল্টন বজাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply