শীতপ্ৰবাহৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড ঠাণ্ডাৰ ফলত আফগানিস্তানত কমেও ৭০ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৭০ হাজাৰ গৰুৱে প্ৰাণ হেৰুৱাইছে।

প্ৰাপ্ত বাতৰি অনুসৰি,  আফগানিস্তানত যোৱা সপ্তাহত সৰ্বনিম্ন তাপমাত্ৰা মাইনাছ ৩৩ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল।

আফগান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে ঠাণ্ডাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। এক টুইটযোগে তেওঁ লিখিছে, “প্ৰকৃতিৰ ওপৰত কাৰো নিয়ন্ত্ৰণ নাই। কিন্তু ঠাণ্ডাত এনেধৰণৰ প্ৰাণ হানি অতি দুখজনক”।

ইয়াৰ মাজতে সংশ্লিষ্ট সংস্থাসমূহৰ বিষয়াসকলক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সৰ্বাধিক সহায় আগবঢ়োৱাৰ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ সদৰী কৰে। চৰকাৰে অধিক প্ৰাণ হানি প্ৰতিহত কৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰিছে।

দেশৰ বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী মহম্মদ নাছিম মুৰাদীয়ে কৈছে যে শেহতীয়া বছৰবোৰৰ ভিতৰত এইবাৰ আটাইতকৈ বেছি শীত পৰিছে। এই শীতপ্ৰবাহ আৰু এসপ্তাহ বা অধিক সময় থাকিব পাৰে।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ফটো আৰু ভিডিঅ’বোৰত আফগানিস্তানৰ কেন্দ্ৰীয় আৰু উত্তৰৰ প্ৰদেশসমূহত প্ৰচণ্ড তুষাৰপাত দেখা গৈছে। বহুতো ৰাস্তা বন্ধ কৰি দিয়া হৈছে। স্থানীয় স্বাস্থ্য বিষয়াসকলে জনায় যে দেশৰ তাপমাত্ৰা হঠাৎ হ্ৰাস হোৱাৰ বাবে চিকিৎসালয়ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply