বিশ্বৰ দ্ৰুততম মানৱ তথা কিংবদন্তি দৌৰবিদ উজেইন ব’ল্ট চিকাৰ হৈছে এক বৃহৎ আৰ্থিক জালিয়াতিৰ। এটাৰ পিছত এটাকৈ বিশ্ব অভিলেখ স্থাপনেৰে ৮ টাকৈ অলিম্পিক স্বৰ্ণ জয় কৰা কিংবদন্তি তাৰকাগৰাকীয়ে প্ৰতাৰণাৰ বলি হৈ হেৰুৱাইছে বৃহৎ পৰিমাণৰ ধন।

প্ৰাপ্ত খবৰ অনুসৰি,  প্ৰতাৰণাৰ চিকাৰ হৈ ব’ল্টে হেৰুৱাইছে ১২ মিলিয়ন মাৰ্কিন ডলাৰ। জামাইকাৰ এটা প্ৰতিষ্ঠানত ব’ল্টে বিনিয়োগ কৰিছিল বিপুল পৰিমাণৰ ধন। কিন্তু এতিয়া সেই একাউণ্টটো প্ৰায় খালী হৈ পৰিছে।

ব’ল্টৰ অধিবক্তা লিণ্টন পি গৰ্ডনে সদৰী কৰা মতে, ব’ল্টৰ সমগ্ৰ উপাৰ্জন সেই একাউণ্টত জমা হৈছিল। অৱসৰৰ পিছতো তেওঁ এই বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিছে। অধিবক্তাগৰাকীয়ে উল্লেখ কৰা মতে এই একাউণ্টটোত এতিয়া মাত্ৰ ১২ হাজাৰ ডলাৰহে আছে। ভাৰতীয় টকাৰ হিচাপত এই ধনৰাশি প্ৰায় ৯ লাখ টকা। অধিবক্তাগৰাকীয়ে লগতে কয়, “এই সমগ্ৰ ঘটনাটো অত্যন্ত হতাশাজনক। আশা কৰোঁ ফাৰ্মখনে শান্তিপূৰ্ণভাৱে সকলো ধন ব’ল্টক ঘূৰাই দিব।”

কিন্তু যদিহে প্ৰতিষ্ঠানটোৱে সহযোগ নকৰে তেন্তে আদালতৰ আশ্ৰয় লোৱাৰ বাহিৰে আন কোনো বিকল্প নাথাকিব বুলি লিণ্টনে কয়। উল্লেখ্য যে প্ৰতিষ্ঠানটোত নিজৰ আৰ্জিত সকলো ধন বিনিয়োগ কৰিছিল ব’ল্টে। এই পুঁজিৰ পৰা ধন লৈ পিতৃ-মাতৃৰ যত্ন লৈছিল কিংবদন্তি স্প্ৰিণ্টাৰগৰাকীয়ে।

অৱশ্যে জামাইকাৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে ইতিমধ্যে এই প্ৰৱঞ্চনাৰ বিষয়ে মুখ মেলিছে। কিংষ্টন ষ্টকছ এণ্ড ছিকিউৰিটি লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে ১২ জানুৱাৰীত এই বিষয়ত এক বিবৃতি প্ৰকাশ কৰিছিল। তেওঁলোকৰ মতে, সংস্থাটোৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰীয়ে সংঘটিত কৰিছে এই আৰ্থিক প্ৰৱঞ্চনা।

ইতিমধ্যে কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰতিষ্ঠানটোৱে উল্লেখ কৰিছে। লগতে তেওঁলোকে এই সম্পত্তি উদ্ধাৰৰ বাবেও উদ্যোগ লৈছে বুলিও আশ্বাস দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,741 other subscribers

Leave a comment

Leave a Reply Cancel reply