প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙলৈ আগবঢ়োৱা হৈছে জীৱনযোৰা সাধনা বঁটা। অৰ্থনীতি আৰু ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলৈ লণ্ডনৰ ভাৰত-ইউকে এচিভাৰ সন্মানৰ জীৱনযোৰা সাধনা সন্মান বঁটা আগবঢ়োৱা হৈছে।

বিগত সপ্তাহত এক বঁটা প্ৰদান অনুষ্ঠানত ঘোষণা কৰা এই বঁটা পৰৱৰ্তী সময়ত নেচনেল ইণ্ডিয়ান ষ্টুডেণ্টছ এণ্ড এলুমনি ইউনিয়ন ইউকে চমুকৈ NISAUৰ দ্বাৰা নতুন দিল্লীত ড০ মনমোহন সিঙলৈ আগবঢ়োৱা হ’ব।

উল্লেখ্য যে,  ব্ৰিটিছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ভাৰতীয় শিক্ষাৰ্থীসকলৰ কৃতিত্বৰ বাবে ভাৰতত ব্ৰিটিছ পৰিষদ আৰু ইউকেৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বিভাগৰ অংশীদাৰীত্বত এই বঁটা প্ৰদান কৰি অহা হৈছে।

জীৱনযোৰা সাধনা বঁটা হৈছে অক্সফৰ্ড আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত ড০ মনমোহন সিঙৰ শৈক্ষিক সাফল্যৰ এক চিহ্ন। এই বঁটা প্ৰাপ্তিৰ খবৰৰ পিছতে ড০ সিঙে এক লিখিত বাৰ্তা প্ৰেৰণ কৰিছে।

এই লিখিত বাৰ্তাত তেওঁ উল্লেখ কৰিছে যে, ভাৰত-ইউকেৰ সম্পৰ্ক শৈক্ষিক অংশীদাৰিত্বৰ দ্বাৰা বিশেষভাৱে সংজ্ঞায়িত কৰা হৈছে। ভাৰতৰ প্ৰতিষ্ঠাপক পিতৃ মহাত্মা গান্ধী,  জৱাহৰলাল নেহৰু,  ড০ বি আৰ আম্বেদকাৰ,  চৰ্দাৰ বল্লভভাই পেটেল আৰু আন বহুতে ইউকেত অধ্যয়ন কৰিছিল। পৰৱৰ্তী সময়ত এইসকলো ব্যক্তিয়েই মহান নেতা হৈ পৰিছিল। যি ভাৰত আৰু বিশ্বক অনুপ্ৰাণিত কৰি আহিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা অৰ্থনীতিবিদগৰাকীয়ে কয়,  বিগত বছৰবোৰত অগণন ভাৰতীয় শিক্ষাৰ্থীয়ে ইউকেত অধ্যয়ন কৰাৰ সুযোগ পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply