এটাৰ পিছত আনটো হত্যাকাণ্ডই জোকাৰিছে অসম। গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ পিছত এইবাৰ টীয়কত পুনৰ সংঘটিত হৈছে এক লৌমহৰ্ষক ঘটনা। সামান্য কাজিয়াৰ পৰিণতিতে বন্ধুক শিৰচ্ছেদ কৰি হত্যা কৰিলে লোহিত গগৈ নামৰ লোকজনে।
টীয়কৰ চেনিজান যাদৱপুৰৰ গান্ধী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। হত্যাকাণ্ডৰ পূৰ্বে দুই বন্ধু একেলগে বহি মদ্যপান কৰিছিল বুলি জানিব পৰা গৈছে। সুৰাৰ ৰাগীত মাতাল হৈ ট্ৰাকচালক লোহিত গগৈৰ সৈতে কথাৰ কটাকটি হয় বন্ধু ফাই চাওৰাৰ। পিছত খঙত অগ্নিশৰ্মা হৈ চোকা অস্ত্রৰে ৰেপি ৰেপি লোহিত গগৈ নামৰ যুৱকজনে হত্যা কৰে ফাই চাওৰা নামৰ যুৱক জনক। বন্ধু ফাইক শিৰচ্ছেদ কৰি কটা মূৰটো এটা স্কুল বেগত ভৰাই থানালৈ লৈ গৈছিল লোহিতে।
কটা মূৰ হাতত লৈ লাহদৈগড় থানালৈ আহি থকা অৱস্থাত বাটতে আৰক্ষীয়ে আটক কৰে লোহিতক। জানিব পৰা মতে ড্ৰাগছ আসক্ত আছিল হত্যাকাণ্ড সংঘটিত কৰা লোহিত গগৈ। ভগ্নীক অশ্লীল ইংগিত দিয়াৰ বাবেই হত্যা কৰে বন্ধু ফাইক।
ইতিমধ্যে লাহদৈগড় আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।