নিউজ ডেস্ক: শুকুৰবাৰে বলীউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানাৰ পিতৃ পণ্ডিত পি খুৰানা মৃত্যু হয়। জানিব পৰা মতে খুৰানাৰ পিতৃয়ে পুৱা ১০.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

বিগত কিছুদিন ধৰি আয়ুষ্মান খুৰানাৰ পিতৃ পি খুৰানা অসুস্থ হৈ আছিল। তেওঁ হৃদযন্ত্ৰৰ সমস্যাৰ সন্মুখীন হৈছিল। যাৰ চিকিৎসাও কিছুদিন ধৰি অবিৰতভাৱে চলি আছিল। শুকুৰবাৰে হঠাৎ অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰ সময়তে পণ্ডিত পি খুৰানাই শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে আয়ুষ্মান খুৰৰানাৰ পিতৃ পণ্ডিত পি খুৰানা এজন বিখ্যাত জ্যোতিষী আছিল। পি খুৰানাৰ তেওঁৰ দুয়োজন পুত্ৰ অপৰশক্তি খুৰানা আৰু আয়ুষ্মান খুৰানাৰ সৈতে খুউব ভাল সম্পৰ্ক আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply