শিলচৰ : তিনিদিনীয়া কাৰ্যসূচীৰে বৰাকত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা। কাছাৰৰ কেইবাস্থানতো বান নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ পৰিদৰ্শন মন্ত্ৰী গৰাকীৰ। ভাৰত-বাংলাদেশ সীমান্তৰ বলেশ্বৰৰ শ্লুইছগেট পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। জলসম্পদ বিভাগক শ্লুইছ গেট কাৰ্যক্ষম কৰাৰ নিৰ্দেশ।শিলচৰক বানৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে সকলোখিনি কৰিব বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ।
তিনিদিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকালৈ অহা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে কাছাৰ জিলাৰ কেইবাটাও স্থান ভ্ৰমণ কৰি জিলাখনত বান নিয়ন্ত্ৰণৰ বাবে ল’বলগা ব্যৱস্থাসমূহৰ বুজ লয়। প্ৰথমতে মন্ত্ৰী গৰাকীয়ে জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তি পীৰ নগৰ অঞ্চলত থকা বলেশ্বৰ আৰু ফুচকাইন শ্লুইচ গেট পৰিদৰ্শন কৰে। কাৰ্যক্ষম হৈ নথকা এই শ্লুইচ গেট দুখনক কাৰ্যক্ষম কৰি তোলাৰ বাবে মন্ত্ৰী গৰাকীয়ে জলসম্পদ বিভাগৰ অভিযন্তাক নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে ভাৰত-বাংলাদেশৰ সীমাত থকা এই শ্লুইছ গেট দুখন কাৰ্যক্ষম হৈ নথকাৰ ফলত বিগত সময়ত অঞ্চলটোত বানৰ প্ৰকোপ বেছি হৈ আছিল। পৰিদৰ্শনৰ সময়ত মন্ত্ৰী হাজৰীকাই স্থানীয় ৰাইজক আশ্বাস দি কয় যে এই শ্লুইছ গেট দুখন ইমানদিনে জলসম্পদ বিভাগৰ অধীনত নাছিল যদিও গেট দুখন মেৰামতি কৰি কাৰ্যক্ষম কৰি তুলিবৰ বাবে বিভাগে ব্যৱস্থা হাতত ল’ব। ইয়াৰ পৰৱৰ্তী সময়ত মন্ত্ৰী পীযুষ হাজৰীকাই কাছাৰ জিলাৰ অন্তৰ্গত কাতিগড়াৰ বৰজুৰাই অঞ্চলত বৰাক নদীৰ খহনীয়াত ক্ষতিগ্ৰস্ত মথাউৰিৰ অংশ পৰিদৰ্শন কৰি জলসম্পদ বিভাগৰ অধীনত চলি থকা অস্থায়ী প্ৰতিৰোধৰ কামৰ বুজ লয়।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ দুটাকৈ বানত বৰজুৰাই অঞ্চলত ক্ষতিগ্ৰস্ত মথাউৰিটো বিভাগীয় তৎপৰতাত বচাবলৈ সক্ষম হৈছিল। এই অঞ্চলত প্ৰায় ৪৫০ মিটাৰ অংশত স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা ল’বলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে।আবেলিলৈ মন্ত্ৰী গৰাকীয়ে শিলচৰৰ বেটুকান্দি অঞ্চলত উপস্থিত হৈ বৰাক নদীৰ বাঢ়নী পানীয়ে ক্ষতি কৰা মথাউৰিৰ অংশ পৰিদৰ্শন কৰে। অভিযোগ অনুসৰি শেহতীয়া বানৰ সময়ত একাংশ দুষ্কৃতিকাৰীয়ে বেটুকান্দিত বৰাকৰ মথাউৰি কাটি দি কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰিছিল। মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কালত সাংবাদিকৰে হোৱা কথা বতৰাত কয় যে মথাউৰি কটাৰ দৰে কাম কৰা দুষ্কৃতিকাৰীক কোনোপধ্যেই ৰেহাই দিয়া নহ’ব।
লগতে পঢ়ক – তিনিচুকীয়া পৌৰসভাৰ অধ্যক্ষই সন্মুখৰ পৰা নেতৃত্ব দিয়ে
আনহাতে বেটুকান্দিতে জলসম্পদ বিভাগৰ প্ৰচেষ্টাৰ বাবে আন কেইবাস্থানতো মথাউৰি চিঙাৰ পৰা ৰেহাই পোৱা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে বিভাগীয় তৎপৰতাৰ শলাগ লয়। ৰাজ্যখনত চলিত বাৰিষাত ছিগা সকলো মথাউৰি অস্থায়ীভাৱে মাটিৰে পুতি মেৰামতি কৰাৰ লগতে প্ৰয়োজনসাপেক্ষে পৰ্কুপাইন আদিৰে দ্বৈত প্ৰতিৰোধৰো ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। আনহাতে শিলচৰ অঞ্চলক বানমুক্ত কৰাৰ বাবে চৰকাৰে কৰণীয় সকলোখিনি কৰিব বুলিও তেঁও উল্লেখ কৰে।