পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্ৰকৃতিৰ অপূৰ্ব নান্দনিক শোভা, জনগোষ্ঠীয় বৈশিষ্ট্য আৰু বিভিন্ন জীৱ-জন্তুৰ কাৰণে উত্তৰ-পূৰ্বাঞ্চল বিশেষভাৱে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

এসময়ত গঁড় হত্যাৰ খবৰে কলংকিত কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত বৰ্ষত এটাও গঁড় হত্যা নোহোৱাৰ খবৰে সমগ্ৰ ৰাজ্যকে গৌৰৱাম্বিত কৰাৰ লগতে কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যাই আন এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

অভিলেখৰ দিশত কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ। চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ পাছত প্ৰথম ৩ মাহতে কাজিৰঙালৈ আহিল ১ লাখ ৩৬ হাজাৰ দেশী-বিদেশী পৰ্যটক। ইয়াৰ ভিতৰত ৩ হাজাৰ ৮০ গৰাকী বিদেশী পৰ্যটক। আনহাতে পৰ্যটকৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমান ৩ কোটি ৪১ লাখ ৩ হেজাৰ ৫০০ টকা। এই কথা সদৰি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ নাথ শৰ্মাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply