ভাৰত-ভূটান সীমান্তৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি অবৈধ ভাৱে স্থাপন কৰা গাঁৱত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। সংৰক্ষিত বনাঞ্চলৰ প্ৰায় তিনিশ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে।

বিটিচি প্ৰশাসনৰ নিৰ্দেশত আৰু চিৰাং জিলা প্ৰশাসন, বন বিভাগ, আৰক্ষী আৰু এচএচবিৰ সহযোগত আজি পুৱাৰ পৰা চলিছে এই অভিযান। ভাৰত-ভূটান সীমান্তৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত অবৈধ ভাবে স্থাপন কৰা খালবাৰী, ওদালগুৰি গাঁৱত চলায় এই অভিযান। ভাঙি দিয়া হয় অবৈধ ভাৱে নিৰ্মান কৰা প্ৰায় তিনিশ বাসগৃহ। উচ্ছেদ অভিযান চলোৱাৰ সময়ত একাংশ বেদখলকাৰী মহিলাই বাধা প্ৰদান কৰাৰ চেষ্টা কৰে যদিও প্ৰশাসনে তেওঁলোকক আঁতৰাই অভিযান অব্যাহত ৰাখে।

বেদখলকাৰী সকলে অভিযানকাৰী দলৰ সন্মুখতে সংৰক্ষিত বনাঞ্চল এৰি নোযোৱাৰ হুংকাৰ প্ৰদান কৰে। তেওঁলোক আঁতৰি যোৱাৰ পাছতেই পুনৰ ঘৰ নিৰ্মাণ কৰিব বুলি সদৰি কৰে। তেওঁলোকৰ বিকল্প ব্যৱস্থা নকৰাকৈ এই উচ্ছেদ অভিযান চলোৱাৰ বাবে উচ্ছেদিত মহিলা সকলে বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ ভূমিকাক সমালোচনা কৰে।

উল্লেখ্য যে বনাঞ্চল ধ্বংস কৰি বেদখল কৰা লোক সকলৰ অধিকাংশই হৈছে অসমৰ ধেমাজী,  লক্ষীমপুৰ,  শোণিতপুৰ, অৰুনাচল, নাগালেণ্ড আদিৰ পৰা অহা প্ৰব্ৰজনকাৰী। বনাঞ্চল ধ্বংস কৰি জনাঞ্চললৈ ৰূপান্তৰ কৰা এই বেদখলকাৰী সকলক একাংশ দালালে সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছে বন বিভাগৰ লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply