শিৱসাগৰ জিলাৰ আমগুৰি বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে কৰুণ মৃত্যুক সাবতি ল’ব লগা হয় এজন ব্যক্তিয়ে। বিদ্যুৎ বিভাগৰ ট্ৰান্সফৰ্মাৰত লাগি এজন অস্থায়ী কৰ্মচাৰীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটাত এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যুৎ বিভাগৰ এগৰাকী স্থায়ী কৰ্মচাৰীৰ লগত অস্থায়ী কৰ্মচাৰী গৌতম গগৈ নামৰ যুৱকজনে লালিম চাপৰিত এটা ট্ৰান্সফৰ্মাৰৰ মেৰামতিৰ কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যুক আকোৱালি লয়।
জানিব পৰা মতে, বিদ্যুৎ বিভাগৰ স্থায়ী কৰ্মচাৰীজনে গৌতম গগৈক মেৰামতিৰ বাবে বিদ্যুতৰ খুঁটাত উঠাই দিয়াৰ সময়তে এই ঘটনা সংঘটিত হয়। বিদ্যুৎ বিভাগে মেৰামতিৰ সময়ত বিদ্যুৎ কৰ্তন নকৰাৰ ফলতেই গৌতম গগৈ নামৰ ব্যক্তিজন বিদ্যুতৰ ট্ৰান্সফৰ্মাৰত লাগি ধৰি উফৰি পৰে।
লগে লগে স্থানীয় লোকসকলে যুৱকজনক আমগুৰি সামূহিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ব্যক্তিজনক মৃত বুলি ঘোষণা কৰে।
আনহাতে আমগুৰি সামূহিক চিকিৎসালয়ত স্থানীয় লোক উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। স্থানীয় লোক, আমগুৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বহুকেইটা জাতীয় সংগঠনে উচিত তদন্তৰ লগতে ভুক্তভোগী পৰিয়ালক ক্ষতিপুৰণ প্ৰদান কৰা, পৰিয়ালটোক স্থায়ী চাকৰিত নিযুক্তি দিয়া, দোষী বিষয়া-কৰ্মচাৰীক নিলম্বনৰ দাবী কৰি এক উত্তপ্ত পৰিস্হিতিৰ সৃষ্টি কৰে।