উত্তৰ-পূৱৰ ৩ ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন। ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ডত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
ৰাজ্যখনৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পূৰ্বে চলি থকা অভিযানত নাগালেণ্ড প্ৰৱৰ্তনকাৰী সংস্থাসমূহে জব্দ কৰে ৩০.৭১ কোটি টকা।
আনহাতে, মুখ্য নিৰ্বাচনী বিষয়াই এক বিবৃতিত জনাই যে নাগালেণ্ড প্ৰৱৰ্তনকাৰী সংস্থাসমূহে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ প্ৰতিখন জিলাতে নিয়মীয়াকৈ জব্দ কৰি আছে নগদ ধনৰ লগতে নিষিদ্ধ সামগ্ৰী।
ইতিমধ্যে, বিবৃতি অনুসৰি ৬ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে জব্দ হৈছে প্ৰায় ৩০.৭১ কোটি টকা। লগতে জব্দকৃত সামগ্ৰীৰ ভিতৰত আছে নগদ ধন, আইএমএফএল, ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী, অন্যান্য নিষিদ্ধ সামগ্ৰী, বিনামূলীয়া সামগ্ৰী আৰু অন্যান্য সামগ্ৰী।
উল্লেখ্য যে, নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল ২ মাৰ্চত ঘোষণা কৰা হ’ব।