সমাগত উত্তৰ-পূৱৰ ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে নাগালেণ্ডৰ ৰাজনীতি। নিৰ্বাচনত পৰাজিত হোৱাৰ শংকাত একাংশ ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে সৃষ্টি কৰিছে হিংসাত্মক পৰিস্থিতিৰ।

৩৮ নং টিয়ু বিধানসভা সমষ্টিত চাৰিটা এনে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। আইন শৃংখলা পৰিস্থিতি অধিক অৱনতি ঘটাৰ প্ৰতি লক্ষ্য ৰাখি ৱাখা আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে স্পৰ্শকাতৰ অঞ্চলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা বুলি জানিব পৰা গৈছে।

সোমবাৰে বিয়লি টিয়ু সমষ্টিৰ চাৰ্চ কলনীত বিভিন্ন প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় জেডিইউ যুৱ শাখাৰ সভাপতি। পি ডব্লিউ ডি কলনীত অচিনাকি দুষ্কৃতিকাৰীয়ে এখন বাহন জ্বলাই দিয়ে।

আৰক্ষীয়ে জনোৱা মতে,  জেডিইউৰ সমৰ্থকে তেওঁলোকৰ এজন সদস্যক মুকলি কৰি দিয়াৰ দাবীত ধৰ্ণা দিয়াৰ পূৰ্বৰ নিশা গাড়ীখন জ্বলোৱাৰ লগত জড়িত লোকসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰাৰ্থীগৰাকীৰ সমৰ্থকসকলে থানাত সমবেত হৈছিল। আনহাতে,  ৱাখা টাউন সমষ্টিতো দুটা প্ৰতিদ্বন্দ্বী দলৰ সমৰ্থকৰ মাজত প্ৰচণ্ড সংঘৰ্ষ ফলত দুয়োপক্ষই আঘাতপ্ৰাপ্ত হয়। আৰক্ষীয়ে শান্তি বজাই ৰখাৰ বাবে নাগৰিকসকলক হিংসাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply