বৰঝাৰ : মহানগৰীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ ভিআইপি চকত মাজনিশা ভয়ংকৰ অগ্নিকাণ্ড। ভিআইপি চকৰ এছবিআই বেংকৰ কাষত থকা এখন কিতাপৰ দোকানত এই অগ্নিকাণ্ড।
প্ৰথমে কিতাপৰ দোকানত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়, ইয়াৰ পিছত ওচৰত থকা চাহৰ দোকানক ধৰি মুঠ চাৰিখন দোকান অগ্নিত জাহ যায়। স্থানীয় লোকৰ আৰু বৰঝাৰ আৰক্ষীৰ তৎপৰতাত অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় ৪ খন বাহন আহি অগ্নি নিৰ্বাপক কৰে যদিও এই চাৰিখন বিপনিৰ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়।
লগতে পঢ়ক – দক্ষিণ গুৱাহাটী জ্যেষ্ঠ নাগৰিক সন্থাৰ মুকলি সভা ও তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস
অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত ভিআইপি অঞ্চলৰ লগতে ষ্টেট বেংক ৰক্ষা পৰে এই ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা। জানিব পৰা মতে বিদ্যুতিক শ্বৰ্ট-চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও চাৰিখন বিপনি সম্পূৰ্ণ লৰূপে জুইত জাহ যায়।