বৰপেটা : ৰাজ্যজুৰি অব্যাহত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিছে। এইবাৰ বৰপেটা আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিছে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক।
বৰপেটাৰোডত আৰক্ষীয়ে বৃহস্পতিবাৰে এক ড্ৰাগছ বিৰোধী অভিযান চলাই দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। অভিযানকাৰী আৰক্ষীৰ দলটোৱে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ২২ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে।
লগতে পঢ়ক – অহা ৬ জুনৰ পৰা গুৱাহাটী ক্ৰীড়া সন্থাৰ ফুটবল ছিজন
বৰপেটাৰোড আৰক্ষী থানৰ অন্তৰ্গত ভালুকী গাঁৱত বৰপেটাৰোড আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দুজনক। ড্ৰাগছ সৰবৰাহকাৰী দুজন হৈছে ভালুকী গাঁৱৰ মহিদুল ইছলাম আৰু বালাভিঠা গাঁৱৰ জাহিৰ শ্বাহ। অধিক তথ্যৰ বাবে আৰক্ষীয়ে দুয়োকে জেৰা চলাই আছে।